/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/50724922-d257-4461-a6f1-0324b58f3f02/air_force.jpg)
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ সোমবাগৰ থাজিয়াছ হিমবাহ বগাবলৈ গৈ বিপদত পৰিছিল দুজন পৰ্বতাৰোহী । দুয়োগৰাকী বৰফৰ মাজত আৱদ্ধ হৈ পৰিছিল। দেওবাৰে ভাৰতীয় বায়ুসেনাই দুয়োকে উদ্ধাৰ কৰি শ্ৰীনগৰলৈ লৈ যায় ।
পৰ্বতাৰোহী কেইজনক উদ্ধাৰ কৰি বায়ু সেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আঘাতপ্ৰাপ্ত পৰ্বতাৰোহী কেইজন জিশান মুস্তাক আৰু ফৈজল ৱানী বুলি জানিব পৰা হৈছে ।
শ্ৰীনগৰৰ প্ৰতিৰক্ষা বিভাগৰ এজন বিষয়াই কয় যে, "প্ৰথতে দুয়োজনকে আৱদ্ধ হৈ থকা সময়তে ওপৰৰ পৰা দেখা গৈছিল । তাৰ পিছতেই পৰ্বতাৰোহী কেইজনক উদ্ধাৰৰ বাবে আৱদ্ধ হৈ থকা স্থানতেই বায়ুসেনাৰ হেলিকপ্তাৰে অৱতৰণৰ চেষ্টা চলাইছিল ।"
হেলিকপ্তাৰৰ অৱতৰণৰ বাবে খালি ঠাই নোপোৱাৰ ফলত অৱতৰণত ব্যৰ্থ হৈছিল । ইয়াৰ পিছতেই ভাৰতীয় বায়ু সেনাক খবৰ দিয়া হয় । বায়ুসেনাই দুয়োকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ভাৰতীয় বায়ু সেনাই এএলএইচ এমকে ৩ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰে ।
Also Read: দিল্লীত বিহুৰ ৰেকৰ্ড, গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতা বিধায়ক অতুল বৰাৰ...