/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/0cd0281f-b82a-42ff-93ea-fbdbd14fbcc8/AP_FOR_WEB_atul.jpg)
দিল্লীত বিহুৰ ৰেকৰ্ড, গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতা বিধায়ক অতুল বৰাৰ...
ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে পুনৰ দিল্লীত বিহুৰে গঢ়িব বিশ্ব ৰেকৰ্ড ! ৰঙালী বিহুত সৰুসজাইত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰায় ২০০ কোটি টকা ব্যয় কৰি ১১ হাজাৰতকৈ অধিক বিহুৱা-বিহুৱতীৰে বিহু প্ৰদৰ্শন কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰাৰ পাছত এইবাৰ লক্ষ্য লৈছি দিল্লীত পুনৰ ২৫ হাজাৰ বিহুৱা-বিহুৱীতৰে বিহু প্ৰদৰ্শন।
এই সম্পৰ্কে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ কৰা এই মন্তব্যৰ বিৰোধিতা কৰিছে দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাই। এই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰী ড০ শৰ্মালৈ এক পত্ৰও লিখিছে।
পত্ৰখন তেওঁ কয়, ''২৫ হাজাৰ বিহুৱা-বিহুৱতীক আকৌ দিল্লীলৈ। কিমান টকাৰ প্ৰয়োজন হ'ব? মোৰ মতে এইটো ভাল হোৱা নাই।'' ইয়াৰোপৰি তেওঁ পত্ৰখনত লিখিছে যদি মুখ্যমন্ত্ৰীৰ তেনে ইচ্ছা আছেই তেন্তে বিহুৰে আকৌ কিয় ৰেকৰ্ড গঢ়িব লাগে বুলিও প্ৰশ্ন কৰে।
তেওঁ কয়, অসমৰ সমন্বয়, সম্প্ৰীতিৰ বাবে অন্যান্য নৃত্য,গীতসমূহক লৈ আগবঢ়া উচিত। বাগৰুম্বা, বৰদৈচিখলা, গুমৰাগ, ঝুমুৰ, লালিলাং, কাৰ্বি নৃত্য, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্য, মিচিং বিহু, দেউৰী বিহু আদিক লৈ যোৱাৰহে পোষকতা কৰিছে বিধায়কগৰাকীয়ে।
লগতে তেওঁ সৰুসজাইৰ বিহুৰ বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠানত ব্যৱহাৰ কৰা ১৫৫ খন হোটেলত বিল আদায় নিদিয়াৰ খবৰ পোৱাৰ বিষয়েও উল্লেখ কৰে। ইায়াৰোপৰি বিধায়ক বৰাই গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ বিৰোধিতা কৰি পত্ৰখনত উল্লেখ কৰে যে, এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় যি স্থানত আছে তাতেই থাকক।
শুক্ৰেশ্বৰ, উমানন্দৰ দৰে নহ'লেও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ঐতিহ্য আছে। গুৱাহাটী সৌষ্ঠৱ বৃদ্ধি কৰা উচ্চ ন্যায়ালয় আৰু দীঘলীপুখুৰী একেলগেই থাকক বুলিও তেওঁ পত্ৰখনত উল্লেখ কৰিছে।
একেখন পত্ৰতে তেওঁ দীঘলীপুখুৰীয়ে বহন কৰা ইতিহাসৰ কথা উল্লেখ কৰি বহিৰাগত প্ৰতিষ্ঠানক গতাই দিয়া বিষয়টোক বিভাগীয় মন্ত্ৰীয়ে নস্যাত কৰিছে যদিও তেওঁৰ বাতৰি কাকতৰ খবৰ অনুসৰি মনত সন্দেহ থাকি গ'ল বুলি উল্লেখ কৰিছে। তেওঁ নতুনকৈ ২৫ হাজাৰক নিযুক্তি দিয়াৰ প্ৰস্তুতি চলোৱাৰ বাবেও মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/36fc7c03-c3d9-4c0b-bac5-3a5f7737113d/772ce7ea_a65e_48fc_904c_2224b4cb7af5.jpg)
Also Read: চাবুৱাত PMAY ৰ ঘৰৰ নমত চৰম দুৰ্নীতিঃ ৱাৰ্ড মেম্বাৰ আৰু ঠিকাদাৰ স্বামীৰ লুণ্ঠন...