গৰমৰ প্ৰকোপ! পুনৰ মৃত্যু দুটা চিতা পোৱালীৰ...

গৰমৰ প্ৰকোপ! পুনৰ মৃত্যু দুটা চিতা পোৱালীৰ...

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত বৃহস্পতিবাৰে পুনৰ দুটা চিতাৰ মৃত্য়ু হয়। বতৰৰ অৱস্থা আৰু ডিহাইড্ৰেশ্যনৰ ফলত এই চিতা পোৱালী দুটাৰ মৃত্যু হয়। কিছুদিন পূৰ্বে জন্ম হোৱা ৪ টা চিতাৰ ভিতৰত ৩ টাৰ মৃত্যু হয়।

যোৱা মাৰ্চ মাহত জুৱালা নামৰ মাইকী চিতাটোৱে ৪ টা পোৱালীৰ জন্ম দিছিল। ইয়াৰ ভিতৰত এটা পোৱালীৰ দুৰ্বলতাৰ বাবে মঙলবাৰে মৃত্যু হয়।

২৩ মে'ত মধ্যপ্ৰদেশত অত্যাধিত গৰম আছিল। প্ৰায় ৪৬-৪৭ ডিগ্ৰী ছেলচিয়ালৈ বৃদ্ধি পাইছিল উষ্ণতা। তাৰ বাবে চিতা পোৱালী কেইটা ডিহাইড্ৰেশ্যনত ভুগিছিল। চিতা পোৱালী দুটাৰ চিকিৎসা চলি আছিল যদিও আজি দুয়োটাৰ মৃত্যু হয়।

উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা অনা হৈছিল কেইবাটাও চিতা। ইয়াৰে ৩ টা চিতাৰ ইতিমধ্যে মৃত্য়ু হৈছে।

গৰমৰ প্ৰকোপ! পুনৰ মৃত্যু দুটা চিতা পোৱালীৰ...
নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশ ল'ব একাংশ বিৰোধী দলে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in