নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশ ল'ব একাংশ বিৰোধী দলে...

নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশ ল'ব একাংশ বিৰোধী দলে...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৮ মে'ত উদ্বোধন কৰিব নতুন সংসদ ভৱন। এই উদ্বোধনক লৈ ভাৰতৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। প্ৰায় ১৯ টাকৈ বিৰোধী দলে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থাকিব।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃতাধীন আম আদমী পাৰ্টী, তৃণমূল কংগ্ৰেছ আদিকে ধৰি ১৯ টা বিৰোধী দলে উপস্থিত নাথাকে উদ্বোধনী অনুষ্ঠানত। বিৰোধীয়ে এক প্ৰকাৰ বয়কট কৰাৰ সিদ্ধান্ত লৈছে এই অনুষ্ঠান।

কিন্তু ইয়াৰ মাজতে খবৰ আহিছে যে কেইটামান বিৰোধী  দলে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত।  পঞ্জাৱৰ ৰাজনৈতিক দল অকালী দলৰ লগতে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ দল বীজু জনতা দলেও অংশগ্ৰহণ কৰিব। ইয়াৰোপৰি জগমোহন ৰেড্ডীৰ দল ৱাই এছ আৰ চি পি আৰু  মায়াৱতীৰ দল বহুজন সমাজ পাৰ্টীয়ে অংশ ল'ব।

'যুৱজনা শ্ৰমিকা ৰাইথু কংগ্ৰেছ পাৰ্টি'ৰ তৰফৰ পৰা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগমোহন ৰেড্ডীয়ে কয় যে, বিশাল সংসদ ৰাষ্ট্ৰক সমৰ্পিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছা। সংসদ গণতন্ত্ৰৰ মন্দিৰ। গতিকে এনে অনুষ্ঠান বহিষ্কাৰ কৰাতো উচিত নহয় বুলি কয় তেওঁ। লগতে অন্য বিৰোধী দলকো অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশ ল'ব একাংশ বিৰোধী দলে...
৬ ৰ পৰা ১২ বছৰীয়া শিশুত অপহৰণ, ধৰ্ষণ, হত্যাৰ অভিযুক্ত ৰবীন্দৰক শাস্তি আদালতৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in