টুইটাৰৰ পৰা উৰি যাব নীলা চৰাই...

টুইটাৰৰ পৰা উৰি যাব নীলা চৰাই...

ডিজিটেল ডেস্কঃ টুইটাৰৰ পৰা নাইকীয়া হ'ব নীলা চৰাই। ইলন মাস্কৰ নতুন সিদ্ধান্ত, সলনি কৰিব টুইটাৰৰ ল'গ'। যাৰ বাবে এতিয়াৰে পৰা টুইটাৰত ল'গ' হিচাবে নীলা চৰাই অৰ্থাৎ ব্লু বাৰ্ড ল'গ'ক দেখা পোৱা নাযাব। মাস্কে দিয়া 'X.com' এতিয়া 'twitter.com' শীৰ্ষক এটি পোষ্টে এই ইংগিতকেই বহন কৰিছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও তেওঁ কেইবাবাৰো টুইটাৰৰ ল'গ' সলনি কৰাৰ কথা অৱগত কৰাৰ সমান্তৰালভাবে কিছুদিন পূৰ্বে অস্থায়ী শ্বিবা ইনু ডগ ল'গ' টুইটাৰৰ ল'গ' হিচাবে ৰাখিছিল। যাৰ বাবে সৰ্বত্ৰে চলিছিল চৰ্চা। আৰু তাৰ পাছতে অতি শেহতীয়া ভাবে মাস্কে সৰ্ব পৰিচিত টুইটাৰৰ ল'গ' ব্লু বাৰ্ডৰ সলনি 'X'ক ল'গ' হিচাবে পৰিচিত কৰাৰ ইংগিত দি ইতিমধ্যেই টুইটাৰত কেইবাটাও পোষ্ট দিছে।

তদুপৰি টুইটাৰৰ মুখ্য কাৰ্যালয়তো দেওবাৰৰ নিশা 'X' ল'গ'ৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰি তেওঁ ঘোষণা কৰিছিল যে, 'মাইক্ৰ'ব্লগিং প্লেটফৰ্মে আইকনিক চৰাইৰ ল'গ' আৰু ব্ৰেণ্ড নাম 'টুইটাৰ' আঁতৰ কৰিবৰ বাবে অন্তৱৰ্তীকালীন 'X' ল'গ'ৰ লাইভ কৰাৰ হ'ব।' আনহাতে টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া লিণ্ডা য়াকাৰিনোৱেও দেওবাৰে টুইট শ্বেয়াৰ কৰি নতুন ল'গ' 'X'ৰ সন্দৰ্ভত মত ব্যক্ত কৰিছিল।

উল্লেখ্য বিগত মে মাহতে টুইটাৰক এক্স.কৰ্প(X.corp) নামৰ এটা কোম্পানীৰ অধীনত পঞ্জীয়ন কৰা হৈছিল। ইয়াৰ পাছৰ পৰাই টুইটাৰৰ ল'গ' সন্দৰ্ভত চৰ্চা চলে। আৰু ইতিমধ্যেই টুইটাৰৰ হোম পেজত 'X' ল'গ' সংযোজিত হোৱা দেখিবলৈ পোৱা গৈছে।

টুইটাৰৰ পৰা উৰি যাব নীলা চৰাই...
RTI কৰাই কাল হ'লঃ ঠিকাদাৰৰ প্ৰহাৰত মৃত্যুৰে যুঁজিছে বকুল দাস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in