/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e9ff1e56-932b-4e4d-8895-d5fcd6b5e092/Thika.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ ঠিকাদাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰি এইবাৰ গুৰুতৰ পৰিস্থিতিৰ সন্মুখীন হৈছে বিশ্বনাথৰ এজন লোক। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ আই চি ইউত ভৰ্তি হ'বলগীয়া পৰিস্থিতি লোকজনৰ। লোকজন গুপ্তকাশী বিশ্বনাথৰ বকুল দাস।
অভিযোগ অনুসৰি বিশ্বনাথঘাটৰ উক্ত ব্যক্তিগৰাকীয়ে অঞ্চলটোৰ এটি পথ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে আৰ টি আইৰ অধীনত আবেদন কৰাৰ অপৰাধত জাপান দাসে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে লোকজনক। স্থানীয় ঠিকাদাৰ জাপান দাসৰ ব্যাপক দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পিছতে ঠিকাদাৰ দাস খঙত অগ্নিশৰ্মা হৈ পৰে। আৰ টি আই আবেদনকাৰী বকুল দাসক যোৱা ২০ জুলাইত বিশ্বনাথ ঘাটৰ তিনিআলিত কেৰম খেলি থকা সময়তে উক্ত স্থানত উপস্থিত হৈ ঠিকাদাৰজনে প্ৰথমে বকুল দাসক গালি গালাজ কৰি ডিঙি চেপি হত্যাৰ চেষ্টা কৰাৰ লগতে শাৰীৰিকভাবে আঘাত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5c4b9d61-c43e-4afe-be1a-e7c3e051b398/6b2b024b_b919_4601_bd4c_8e8925bbe10e.jpg)
যাৰ বাবে সেই স্থানতে ঢলি পৰাৰ লগতে অচেতন হৈ পৰে বকুল দাস। স্থানীয়লোক আৰু বকুল দাসৰ পৰিয়ালে লগে লগে গুৰুতৰভাবে আহত বকুল দাসক বিশ্বনাথ মহকুমা অসমৰিক চিকিৎসালয়লৈ নিয়ে যদিও সংকটজনক অৱস্থা হোৱা বাবে বকুল দাসক চিকিৎসালয় কৰ্তৃপক্ষই তেজপুৰলৈ প্ৰেৰণ কৰে। কিন্তু তেজপুৰতো বকুল দাসৰ স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাৰ বাবে অৱশেষত গুৱাহাটীৰ জি এম চিলৈ নিব লগীয়া হয়।
বৰ্তমান বুকুল দাসে চাৰিদিন ধৰি জি এম চিৰ আই চি ইউত জীৱন আৰু মৃত্যুৰ লগত যুঁজ দি আছে। ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।আনহাতে সোমবাৰে স্থানীয় ৰাইজ তথা ভুক্তভোগী পৰিয়াল বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ জাপান দাসৰ বিৰুদ্ধে উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাই আবেদন দাখিল কৰিছে। আনহাতে খবৰ অনুসৰি গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ জাপান দাসে আগতীয়া জামিন লাভৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
Also Read: অসম আৰক্ষীত ২৬২ কোটিটকীয়া কেলেংকাৰী...