চুবুৰীয়াক হত্যা কৰি গ্ৰেপ্তাৰিত হ'ল জনপ্ৰিয় টেলিভিছন অভিনেতা ভূপিন্দৰ সিং

চুবুৰীয়াক হত্যা কৰি গ্ৰেপ্তাৰিত হ'ল জনপ্ৰিয় টেলিভিছন অভিনেতা ভূপিন্দৰ সিং

author-image
Asomiya Pratidin
New Update
চুবুৰীয়াক হত্যা কৰি গ্ৰেপ্তাৰিত হ'ল জনপ্ৰিয় টেলিভিছন অভিনেতা ভূপিন্দৰ সিং

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বিজনোৰত ইউকেলিপ্টাছ গছ কটাক লৈ হোৱা কাজিয়াত চুবুৰীয়াৰ ওপৰত গুলীচালনা কৰি এজনক হত্যা কৰা আৰু ৩জন লোকক আহত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে জনপ্ৰিয় টেলিভিছন অভিনেতা ভূপিন্দৰ সিং।

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি, ‘য়েহ প্যাৰ না হোগা কাম’ আৰু ‘মধুবালা’ আদি জনপ্ৰিয় টিভি শ্ব’ত অভিনয় কৰা ভূপিন্দৰ সিঙে বিজনোৰত থকা নিজৰ ফাৰ্মৰ ওচৰত বেৰ দি আছিল। তেওঁৰ খেতিপথাৰৰ কাষতে গুৰদ্বীপ সিঙৰ কৃষিভূমি আছিল। ভূপিন্দৰে কেইজোপামান ইউকেলিপ্টাছ গছ কাটি বেৰখন স্থাপন কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে ভূপিন্দৰ আৰু তেওঁৰ প্ৰতিৱেশী গুৰদ্বীপ সিঙৰ মাজত তৰ্কৰ সূত্ৰপাত হয়।

তাৰ পাছতে তৰ্ক-বিতৰ্ক তীব্ৰতৰ হৈ কাজিয়ালৈ পৰিণত হয় আৰু ভূপিন্দৰ আৰু তেওঁৰ ৩জন সহযোগীয়ে গুৰদ্বীপ সিঙৰ পৰিয়ালৰ লোকক আক্ৰমণ কৰে। সংঘৰ্ষৰ সময়ত অভিনেতা ভূপিন্দৰে নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে গুলীচালনা কৰে। গুলীচালনাত গুৰদীপ সিঙৰ ২২ বছৰীয়া পুত্ৰ গোবিন্দৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ পুত্ৰ অমৃক আৰু পত্নী বীৰো বাই আহত হয়। বৰ্তমান আহত তিনিওজন চিকিৎসাধীন হৈ আছে।

জানিব পৰামতে, ভূপিন্দৰক হত্যা, হত্যাৰ চেষ্টা আৰু স্বেচ্ছাই আঘাত কৰা আদি অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। অস্ত্ৰ আইনৰ অধীনতো তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। লগতে তেওঁৰ ৩ সহযোগী জ্ঞান সিং, জীৱন সিং আৰু গুৰজন্ত সিঙকো গ্ৰেপ্তাৰ কৰা হৈছে।

Also Read: দক্ষিণ হাইলাকান্দিৰ বনাঞ্চলত আৱিষ্কাৰ হৈছে প্ৰাচীন ভাস্কৰ্যৰে পৰিপূৰ্ণ এখন পাহাৰ

murder case