/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ed9cea2a-524b-483e-b58a-2766e07b4272/13.jpg)
ডিজিটেল সংবাদ, শিলচৰ: সম্প্ৰতি অসমৰ এখন গভীৰ বনাঞ্চলত আৱিষ্কাৰ হৈছে ভাস্কৰ্যৰে পৰিপূৰ্ণ এখন পাহাৰ। ডেৰ হাজাৰ বছৰ পুৰণি প্ৰাচীন ভাস্কৰ্য আৱিষ্কাৰ হৈছে দক্ষিণ হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তৰ ঘাৰমুৰা বনাঞ্চলত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/996a232f-8820-4869-89a1-a9f072c2bcde/a4509149_4638_47c8_919b_2cd1a8e8c20c.jpg)
ৰিয়াং জনগোষ্ঠীৰ লোকসকলে বসবাস কৰা কোলালিয়ান পাহাৰত ডেৰ হাজাৰ পুৰণি এই প্ৰত্নতাত্ত্বিক সম্পদ আৱিষ্কাৰ কৰিছে অসম বিশ্ববিদ্যালয়ৰ দৃশ্য কলা বিভাগৰ সহকাৰী অধ্যাপক ড° গণেশ নন্দী আৰু তেওঁৰ প্ৰাক্তন গৱেষক ছাত্ৰ ড° বিনয় পালে। নতুনকৈ আৱিষ্কাৰ হোৱা এই প্ৰাচীন মূৰ্তি আৰু ভাস্কৰ্যসমূহ ডেৰ হাজাৰ বছৰ আগৰ পাল আৰু গুপ্ত শৈলীৰ স্থাপত্যৰ সৈতে যথেষ্ট মিল আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a38183e9-1e8d-4b60-a2b5-1b1537d601a0/032c3bb3_7332_4956_a94c_b2c7070ac1d9.jpg)
এই ভাস্কৰ্যসমূহৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ উনকোটি আৰু পিলাকৰ বিভিন্ন ভাস্কৰ্যৰ সৈতেও সাদৃশ্য আছে। তদুপৰি, বৰাকৰ অতি প্ৰাচীন ভূবন পাহাৰত পোৱা ভাস্কৰ্যৰ লগত কিছু সাদৃশ্য আছে এই মূৰ্তি আৰু ভাস্কৰ্যৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/cb866ea9-7326-4d07-b337-abafed267fa0/00f6d34f_8223_4d4f_8795_b10214090f32.jpg)
দক্ষিণ হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তৰ কোলালিয়ান পাহাৰৰ ৰিয়াং জনগোষ্ঠীৰ লোকসকলে যুগ যুগ ধৰি শিৱ-পাৰ্বতী পূজা কৰি অহা এটা ভগ্ন মূৰ্তি অধ্যয়ন কৰিবলৈ গৈ ড° গণেশ নন্দী আৰু বিনয় পালে আৱিষ্কাৰ কৰে বৰাকৰ ডেৰ হাজাৰ বছৰ পুৰণি এই ভাস্কৰ্যৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/3d44e094-d5e9-4018-bf5d-a70615652e04/c409fb5b_d7f6_4fdc_aef8_952810f4fad9.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/dc8724d5-8fe9-402c-9ebd-b89f635831ea/686202f7_7402_4233_92b0_5cdd05dfb6b1.jpg)
মন্দিৰৰ এই মূৰ্তি অধ্যয়ন কৰাৰ পিছত দেখা গল অতি দুৰ্গম এলেকাত প্ৰাচীন ভাস্কৰ্যৰে ভৰা এখন পাহাৰ। য'ত খোদিত কৰা আছে অতি প্ৰাচীন মূৰ্তি আৰু গুহা। জংঘলেৰে আবৃত পাহাৰ খনত আছে অসংখ্য ছিৰিও। যিবোৰ পাহাৰৰ শিল কাটি নিৰ্মাণ কৰা হৈছে। কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে ১৯৯৭ চনৰ পৰা ২০০১ চনৰ ভিতৰত মিজো-ৰিয়াঙৰ মাজত হোৱা গোষ্ঠীগত সংঘৰ্ষক কেন্দ্ৰ কৰি হোৱা বোমা বিস্ফোৰণত বহুতো মূৰ্তি ধ্বংস হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/27231a41-a463-481a-9962-f350d81e8fa7/b97d29a8_1762_44f0_b622_c7ab97d57695.jpg)
তথাপি পাহাৰ খনত প্ৰচুৰ সংখ্যক প্ৰাচীন ভাস্কৰ্য থকা বুলি দাবী কৰিছে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° গণেশ নন্দীয়ে । এই প্ৰাচীন ভাস্কৰ্য আৱিস্কাৰ হোৱাৰ পিছত ভাৰতৰ পুৰাতত্ত্ব বিভাগক বিষয়তো অৱগত কৰি ড° গণেশ নন্দীয়ে দক্ষিণ হাইলাকান্দিৰ এই কোলালিয়ান পাহাৰত জৰীপ চলাবলৈ আবেদন জনাইছে। লগতে অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰখ্যাত বুৰঞ্জীবিদ ড° জয়ন্ত ভূষণ ভট্টাচাৰ্য ও পুৰাতত্ত্ব বিভাগলৈ এখন পত্ৰ লিখিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/26919041-66b4-42f7-82f0-ec9260e7a9af/b7997818_2074_40ae_b338_584e6c80599b.jpg)
Also Read: বিশ্বনাথত ধানৰ কলা ব্যৱসায় : কম মূল্যতে ধান ক্ৰয় কৰি কৃষকক প্ৰৱঞ্চনা মধ্যভোগীৰ