'সত্য়ই মোৰ অস্ত্ৰ' জামিন লাভৰ পাছতেই ৰাহুল গান্ধীৰ টুইট...

সত্যই মোৰ অস্ত্ৰ'' ৰাহুল গান্ধীৰ এক টুইটে পুনৰ জোকাৰিছে ছচিয়েল মিডিয়া। শাসনাধিষ্ঠ চৰকাৰ খনক উদ্দেশ্য কৰি কটাক্ষ মূলক মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

author-image
Asomiya Pratidin
New Update
'সত্য়ই মোৰ অস্ত্ৰ' জামিন লাভৰ পাছতেই ৰাহুল গান্ধীৰ টুইট...

ডিজিটেল ডেস্কঃ ''সত্যই মোৰ অস্ত্ৰ'' ৰাহুল গান্ধীৰ এক টুইটে পুনৰ জোকাৰিছে ছচিয়েল মিডিয়া। শাসনাধিষ্ঠ চৰকাৰ খনক উদ্দেশ্য কৰি কটাক্ষ মূলক মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

Advertisment

'মোডী' উপাধিক লৈ কৰা মন্তব্যৰ বাবে চুৰাট আদালতে ২ বছৰৰ বাবে কাৰাদণ্ড বিহিছিল ৰাহুল গান্ধীক। ইয়াৰ লগে লগে সংসদ পদো খাৰিজ হৈছিল গান্ধীৰ। সোমবাৰে গুজৰাটৰ চুৰাট আদালতৰ পৰা ১৩ এপ্ৰিললৈ জামিন লাভ কৰাৰ পিছত কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে আন এটা গান্ধীবাদী টুইট কৰি কয় যে "সত্য মোৰ অস্ত্ৰ"।টুইট কৰি তেওঁ কয় যে "এয়া মিত্ৰকালৰ বিৰুদ্ধে গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। এই সংগ্ৰামত সত্য মোৰ অস্ত্ৰ, আৰু সত্য হৈছে মোৰ আশ্ৰয়" ।

ৰাহুল গান্ধীৰ বিৰুদ্ধে থকা গোচৰটোৰ পৰৱৰ্তী শুনানি ১৩ এপ্ৰিলতে হ'ব। ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বাবে বিজেপিয়ে ক্ষমা খোজাৰ দাবী উত্থাপন কৰি আহিছে যদিও এই পৰ্যন্ত ক্ষমা খোজা নাই।

উল্লেখ্য যে, ২০১৯ চনত কৰ্ণাটকত ৰাহুল গান্ধীয়ে কৰা এক মন্তব্যৰ বিৰোধিতা কৰি এজাহাৰ দাখিল কৰিছিল বিপেজিৰ এগৰাকী বিধায়কে। যাৰ পাছত আদালতে কাৰাদণ্ড বিহিছিল। ইয়াৰোপৰি নেতা গৰাকীয়ে ৮ বছৰ পৰ্যন্ত নিৰ্বাচনতো অৱতীৰ্ণ হ'ব নোৱাৰিব।

Also Read: বলপূৰ্বক বাল্য বিবাহ, ধৰ্ষণ আৰু পাছত...

rahul gandhi