/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5df6068d-571d-4be1-8267-f25656c46eac/chilf.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপৰ পাছতো মানকাচৰত এগৰাকী ১৪ বছৰীয়া ছাত্ৰী অপহৰণ কৰি বাল্য বিবাহ কৰাৰ ঘটনা পোহৰলৈ আহিছে। প্ৰাপ্ত বাতৰি মতে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বড় বাঘঝাপা গাঁৱৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী চুবুৰীয়া ৰাজ্য মেঘালয়ত অধ্যয়নৰ বাবে আত্মীয়ৰ ঘৰত বসবাস কৰে। ছাত্ৰী গৰাকী ৰাজ্যখনৰ পশ্চিম গাৰো পাহাৰ জিলাৰ হেলিডেগঞ্জ থানা এলেকাৰ লালমাটিত থকা এখন বিদ্যালয়ত সপ্তম শ্ৰেনীত অধ্যয়ন কৰি আছে।
যোৱা প্ৰায় এমাহ পূৰ্বে ছাত্ৰীগৰাকীক প্ৰেমৰ ছলনাৰে মানকাচৰ থানা এলেকাৰ কালোঘাটৰ নুৰ ছালাম শেখৰ পুত্ৰ ছাইফুল ইছলামে অপহৰণ কৰি নিজৰ ঘৰলৈ লৈ যায়। ছাত্ৰী গৰাকীক অপহৰণৰ পাছত ছাইফুল ইছলামৰ পিতৃয়ে বলপূৰ্বক বাল্য বিবাহ কৰাই দিয়ে। মানকাচৰত কাজীয়ে বাল্য বিবাহ নকৰোৱাৰ বাবে মেঘালয়ৰ এগৰাকী কাজীৰ দ্বাৰা বাল্য বিবাহ কৰাই ছাত্ৰী গৰাকীক নিজৰ ঘৰতে ৰাখি ছাইফুল ইছলামে বলপূৰ্বক ভাবে ধৰ্ষণ কৰে।
প্ৰায় এমাহ ধৰি ধৰ্ষণ কৰাৰ পাছত ছাইফুলে ছাত্ৰী গৰাকীক মাৰপিট কৰি যোৱা ২৭ মাৰ্চত নিজৰ ঘৰলৈ উভতাই পঠিয়াই দিয়ে। এই ঘটনাৰ পাছত ছাত্ৰী গৰাকীৰ পিতৃয়ে যোৱা ২৯ মাৰ্চত দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এটি লিখিত অভিযোগ দাখিল কৰে।
কিন্তু এজাহাৰ দাখিল কৰাৰ আজি পাঁচ দিন উকলি যোৱাৰ পাচতো অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই সুখচৰ আৰক্ষী। ভূক্তভোগী পৰিয়ালটো ন্যায় বিচাৰি অভিযুক্ত ছাইফুল ইছলাম আৰু তেওৰ পিতৃ নুৰ ছালাম সেখক গ্ৰেপ্তাৰৰ দাবী জনাইছে।
Also Read: অসমৰ মূল সমস্যাৰ কথা একোৱেই নক'লে কেজৰিৱালে: অখিল