/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1a65ee46-e981-432f-91bc-4fe5f96ea683/Bande_Bharat_Express.jpg)
ডিজিটেল ডেস্ক : অসমৰ ৰে’ল যাত্রীৰ বাবে সুখবৰ। আজিৰে পৰা গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত আৰম্ভ হ’ল "বন্দে ভাৰত এক্সপ্রেছ"ৰ ট্রায়েল ৰান। ৰাজধানী এক্সপ্ৰছতকৈ বেগেৰে চলিব এই ৰে'ল।
এই ৰে'ল খনৰ ঘন্টাত গতিবেগ প্ৰায় ১১০ কি:মি:। সপ্তাহত ৬ দিন চলিব লগীয়া এই ৰে'লখনে গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজৰ ব্যৱধান অতিক্ৰম কৰিবলৈ সময় ল'ব প্ৰায় ৫ ঘন্টা ৫০ মিনিট।
ভাৰতৰ বিভিন্ন ৰাজ্যত এই ৰে'লখনে যাত্ৰা ইতিমধ্যেই আৰম্ভ কৰিছে। দুদিন পূৰ্বে উৰিষ্যা আৰু হাওৰাৰ মাজত এই ৰে'ল যাত্ৰা আৰম্ভ হোৱাৰ পিছত আজি উত্তৰ-পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে অনুশীলন চলিছে ৰে'লখনৰ। খবৰ অনুসৰি গুৱাহাটীত ইতিমধ্যেই প্ৰৱেশ কৰিছে ৰে'লখনে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জুনৰ ভিতৰত দেশৰ সকলো ৰাজ্যতে এই ৰে'ল সেৱাৰ সুবিধা প্ৰদান কৰিবলৈ ৰে'ল বিভাগক ইতিমধ্যেই নিৰ্দেশনা জাৰি কৰিছে।
Also Read: অসম আৰক্ষীত পুনৰ ব্যাপক ৰদ-বদল; এইবাৰ ৮৩ উপ-পৰিদৰ্শকৰ ৰদ-বদল...