অসম আৰক্ষীত পুনৰ ব্যাপক ৰদ-বদল; এইবাৰ ৮৩ উপ-পৰিদৰ্শকৰ ৰদ-বদল...

ৰাজ্য কঁপোৱা জোনমণি ৰাভা কাণ্ডই বাৰুকৈয়ে প্ৰভাম্বিত কৰিছে আৰক্ষী বিভাগৰ ভিতৰচ'ৰা

author-image
Asomiya Pratidin
New Update
সংবাদ মেলত কি ক'লে জি পি সিঙে...

ডিজিটেল ডেস্ক : ৰাজ্য কঁপোৱা জোনমণি ৰাভা কাণ্ডই বাৰুকৈয়ে প্ৰভাৱিত কৰিছে আৰক্ষী বিভাগৰ ভিতৰচ'ৰাক। ঘটনাৰ পিছতে নগাওঁ আৰক্ষীৰ কনিষ্টবল পদৰ অৰ্ধশতাধিক কৰ্মীক ৰদ-বদল কৰাৰ পিছত শণিবাৰে ৰাজ্যৰ তিনি জিলাৰ অতিৰিক্ত আৰক্ষী পদত থকা বিষয়াক ৰদ-বদল কৰা হৈছিল।

Advertisment

ইয়াৰ পিছতে আজি অসম আৰক্ষীৰ বিভিন্ন প্ৰান্তৰ ৮৩ গৰাকী উপ-পৰিদষকক ৰদ-বদল কৰাৰ বাতৰি আহি পৰিছে। উল্লেখ্য যে, শণিবাৰে উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙে তিনি বছৰ ধৰি একে স্থানতে থকা আৰক্ষী বিষয়াৰ ৰদ-বদল কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল।

তাৰ পৰিপ্ৰেক্ষিতেই আজি ৮৩ গৰাকী উপ-পৰিদৰ্শকৰ ৰদ-বদল কৰাৰ বাতৰিয়ে এতিয়া আৰক্ষীৰ ভিতৰচ'ৰাত যে জোনমণি কাণ্ডই জোকাৰিছে তাৰেই ইংগিত বহন কৰিছে।

Also Read: খাকীত দাগ! আস্থা হেৰুৱাইছে নেকি জনতাই...

Assam police