অচিনাক্ত লোকৰ আক্ৰমণত ৰে'ল কৰ্মচাৰীৰ মৃত্যু

অচিনাক্ত লোকৰ আক্ৰমণত ৰে'ল কৰ্মচাৰীৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
দিল্লীত পুনৰ হত্যাকাণ্ড : অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত মহিলা

ডিজিটেল ডেস্ক : কৰ্মক্ষেত্ৰলৈ গৈ থকা অৱস্থাত আক্ৰমণৰ বলি এগৰাকী ৰে'লৱে কৰ্মচাৰী। সোমবাৰে নিশা প্ৰমিত হালদাৰ নামৰ লোকজনে কৰ্মক্ষেত্ৰ কে আৰ পুৰম ৰে'ল ষ্টেচনলৈ বুলি খোজ কাঢ়ি গৈ আছিল।

Advertisment

তেনে সময়তে এন্ধাৰৰ সুযোগ লৈ ৩গৰাকী অচিনাক্ত লোকে ৰে'লৱে কৰ্মচাৰী প্ৰমিত হালদাৰক ছুৰীৰে আঘাত কৰে। জানিব পৰা মতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হলদাৰে নিশাই মৃত্যুক আকোৱালি লয়।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ক্ষীপ্ৰ অভিযানত ধৃত লোককেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে উল্লেখ কৰে যে, দুৰ্ঘটনাটো সংঘটিত কৰাৰ সময়ত ধৃত লোক ৩জন নিচাসক্ত অৱস্থাত আছিল।

সম্প্ৰতি ধৃত লোক কেইজন ৰামমূৰ্তি আৰক্ষীৰ জিম্মাত থকা বুলি জানিব পৰা গৈছে।

Also Read: টাইটানিকক বিচাৰিবলৈ গৈ সন্ধানহীন চাবমেৰিণ

crime karnataka