টাইটানিকক বিচাৰিবলৈ গৈ সন্ধানহীন চাবমেৰিণ

টাইটানিকক বিচাৰিবলৈ গৈ সন্ধানহীন চাবমেৰিণ

author-image
Asomiya Pratidin
New Update
টাইটানিকক বিচাৰিবলৈ গৈ সন্ধানহীন চাবমেৰিণ

ডিজিটেল ডেস্ক : সেয়া আছিল ১৯১২ চনৰ ১৪ এপ্ৰিলৰ কথা। বিশ্ববাসীৰ বাবে অতি দুখ লগা এটা দিন, এটা পাহৰিব নোৱাৰা অধ্যায়। এই দিনটোতেই আটলাণ্টিক মহাসাগৰত যাত্ৰীসহ ডুব গৈছিল 'টাইটানিক' জাহাজখন।

Advertisment

য'ত যাত্ৰীৰ ৰূপত আছিল সংযুক্ত যুক্তৰাজ্যৰ অন্তৰ্গত ইংলেণ্ড,ৱেলছ,স্কটলেণ্ড আৰু আয়াৰলেণ্ডৰ ভালেসংখ্যক ধনাঢ্য ব্যক্তি। অৱশ্যে ইয়াৰোপৰিও বিভিন্ন দেশৰ যাত্ৰীয়ে একেলগে যাত্ৰা কৰিছিল।

এই টাইটানিৰ পটভূমিতে সৃষ্টি হৈছে বহু সাহিত্য অথবা জেমছ কেমৰুণৰ ১৯৯৭ চনত নিৰ্মিত 'টাইটানিক' শীৰ্ষক চিনেমাখন। এই দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই বহু বিশেষজ্ঞই বিভিন্ন সময়ত বহু তথ্য আহৰণৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে।

উল্লেখ্য যে, বিশেষজ্ঞসকলৰ প্ৰচেষ্টাৰ এটি অংশ হিচাপে পুনৰ টাইটানিকৰ ভগ্নাৱশেষৰ সন্ধানত চাবমেৰিণেৰে গৈছিল এটি অভিযানকাৰী দল। এই অভিযানকাৰী দলটোত আছিল পুৰাণত্ববিদ,জীৱবিজ্ঞানীসহ ৫ গৰাকীকৈ লোক।

কিন্তু দুৰ্ভাগ্যৰ কথা এই যে, অভিযানৰ বাবে যোৱা দলটো দেওবাৰে চাবমেৰিণসহ আটলাণ্টিক মহাসাগৰত সন্ধানহীন হৈ পৰে। জানিবপৰা মতে, সম্প্ৰতি উদ্ধাৰ অভিযান অব্য়াহত আছে যদিও উদ্ধাৰকাৰী দলটো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। ইতিমধ্যে চাবমেৰিণখনত থকা অক্সিজেনৰ পৰিমাণ আৰু প্ৰায় ৭০ ঘণ্টা চলিব পৰাকৈহে আছে।

Also Read: বৰজহাবাৰীত পথৰ দুৰৱস্থা : অতিষ্ঠ ৰাইজৰ সৈতে প্ৰতিবাদত নামিল বিজেপিৰ ৱাৰ্ড মেম্বাৰ

Titanic