অন্ধ্ৰ প্ৰদেশত ৰে'ল দুৰ্ঘটনা : কেইবাজনো যাত্ৰী হতাহত

অন্ধ্ৰ প্ৰদেশত ৰে'ল দুৰ্ঘটনা : কেইবাজনো যাত্ৰী হতাহত

author-image
Asomiya Pratidin
New Update
অন্ধ্ৰ প্ৰদেশত ৰে'ল দুৰ্ঘটনা : কেইবাজনো যাত্ৰী হতাহত

ডিজিটেল ডেস্ক : দেশত পুনৰ সংঘটিত হৈছে ৰে'ল দুৰ্ঘটনা। দেওবাৰে সন্ধিয়া অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰম নামৰ জিলাখনত দুখন ৰে'লৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত ৬ জন যাত্ৰী নিহত আৰু ৪০ জনৰো অধিক যাত্ৰী আহত হয়।

Advertisment

০৮৫০৪ নম্বৰৰ বিশাখাপত্তনম-ৰায়গদা যাত্ৰীবাহী ৰে'ল আৰু ০৮৫৩২ নম্বৰৰ বিশাখাপত্তনম-পলাচা যাত্ৰীবাহী ৰে'লখনৰে সৈতে মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ ফলত বিশাখাপত্তনম-ৰায়গদা ৰে'লখনৰ ৩টা ডবা লাইনচ্যুত হয় বুলি জানিব পৰা গৈছে।

ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই উদ্ধাকাৰী দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে। উদ্ধাৰকাৰী দলে কেইবাগৰাকী যাত্ৰীক আহত অৱস্থাত উদ্ধাৰ কৰি এম্বুলেঞ্চৰে হাস্পতাললৈ প্ৰেৰণ কৰিছে। সম্প্ৰতি নিহতসকলৰ পৰিচয় জানিব পৰা হোৱা নাই।

Also Read: বৰগুৰিত 'ডাঙৰীয়া ভোগ' অনুষ্ঠানত ভক্তৰ ভিৰ : মন্ত্ৰী অতুল বৰায়ো আগবঢ়ালে ভোগ

andhra pradesh indian railway