/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1e6fe1fb-5cc8-4bc2-ae48-ffd86ef905e3/388.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাট জিলাৰ অকামলুৱা গাঁৱৰ বৰগুৰিত ডেৰশ বছৰ ধৰি পৰাম্পৰাগতভাৱে চলি অহা ডাঙৰীয়া ভোগ দেওবাৰে সম্পন্ন হৈ যায়। প্ৰতিবাৰৰ দৰেই এইবাৰো বৰগুৰিলৈ পুৱাৰে পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ সোত বয় আৰু সমগ্ৰ অঞ্চলটো লোকাৰণ্য হৈ পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f164e1c4-aa83-4036-a09b-9b3d6c6007cc/396739317_875802630773177_8734515498145538942_n.jpg)
ভক্তসকলে বৰগুৰিৰ সমন্বয় ক্ষেত্ৰত থকা বৰগছ জোপাৰ তলত চাকি বন্তি জ্বলাই অদৃশ্য জনৰ ওচৰত নিজৰ মনোকামনা পূৰণৰ প্ৰাৰ্থনা জনায়। প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে প্ৰতি বছৰে কাতি মাহৰ কোনোবা এটা দেওবাৰে বৰগছজোপাৰ তলত চাকি বন্তি জ্বলাই গৰখীয়া ভোগৰ বাবে হাঁহ আৰু কোমোৰাৰে ভোগ আগবঢ়ালে মনৰ কামনা পূৰ্ণ হয় বুলি অতীজৰে পৰা চলি আহিছে লোক প্ৰবাদ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/fa937ef2-2c1f-4f4c-9b19-7ddc8b0ef0a2/397890907_875802660773174_4965768562402486975_n.jpg)
এই প্ৰবাদক অনুসৰণ কৰিয়েই এই স্থানত কাতি মাহৰ এক নিৰ্দিষ্ট দিনত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে বুলি জানিবলৈ দিয়ে । সেই অনুসৰি আজিও পুৱা প্ৰায় ৩-০০ বজাৰ পৰাই হেজাৰ হেজাৰ ভক্তপ্ৰাণ লোক আহি সমন্বয় ক্ষেত্ৰত হাঁহ আৰু কোমোৰা আগবঢ়াই চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/bfd46749-8e51-4065-be9b-79dc69f5b752/396729022_875802694106504_6446533520233653276_n.jpg)
পৰম্পৰা অনুসৰি আজি উদ্যোক্তাসকলে ভক্তই আগবঢ়োৱা হাঁহ কোমোৰাৰে ডেৰ শতাধিক ৰান্ধনিয়ে ডাঙৰীয়া ভোগ প্ৰস্তুত কৰি ভক্ত সকলৰ মাজত বিতৰণ কৰে। অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰায়ো বৰগুৰিত হাঁহ কোমোৰা আগবঢ়াই চাকি জ্বলাই মনোকামনা পূৰণ হোৱাৰ বাবে প্ৰাৰ্থনা জনায় বুলি মত-প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ef1f00a7-6c7c-4ca8-8e9b-5845a263dd72/397272444_875803047439802_3614336671832569559_n.jpg)
Also Read: হাওৰাঘাটত বিধ্বংসী অগ্নিকাণ্ড : জাহ গ'ল কেইবাখনো দোকান