ৰাজস্থানৰ পালিত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা

ৰাজস্থানৰ পালিত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা

ডিজিটেল ডেস্ক : নৱবৰ্ষৰ দ্বিতীয়টো দিনতেই গুজৰাটৰ পালিত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় সূৰ্যনগৰী এক্সপ্ৰেছ । পুৱতি নিশা প্ৰায় ৩.২৭ বজাত দুৰ্ঘটনাত পতিত হোৱা ৰে'লখনৰ প্ৰায় ১১টা দবা লাইনচ্যুত হোৱাত আঘাতপ্ৰাপ্ত হয় ভালেসংখ্যক যাত্ৰী ।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, যোধপুৰলৈ ৰাওনা হৈ থকা অৱস্থাত ৰে'লখন ৰাজকিৱাছ-বোমাদ্ৰা অঞ্চলত দুৰ্ঘটনাত পতিত হয় ।

এই সন্দৰ্ভত ইতিমধ্যেই উত্তৰ-পশ্চিম ৰে'লৱেৰ কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ দুৰ্ঘটনাৰ কাৰণ নিশ্চিত হোৱা নাই ।

উল্লেখ্য যে, দেশত প্ৰতি বছৰেই গড়ে ১,৭০৪ খন ৰে'ল লাইনচ্যুত হৈ দুৰ্ঘটনাৰ সন্মুখীন হয় । এই পৰিসংখ্যা নিশ্চয়কৈ আওকাণ কৰিব লগীয়া বিধৰ নহয় । কিয়নো ভাৰতত আটাইতকৈ জনপ্ৰিয় যাতায়ত ব্যৱস্থাই হৈছে ৰে'ল । প্ৰতিবছৰেই বহু কোটি লোকে ৰে'ল যাত্ৰা কৰে ভাৰতত । তেনেস্থলত ৰে'ল লাইন আৰু ৰে'ল সমূহৰ পৰীক্ষণ আৰু সঘনাই হ'লে হয়তো ৰোধ কৰিব পৰা যাব এনে দুৰ্ঘটনা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in