দেশৰ ১% পুঁজিপতিৰ হাতত ৪০% সম্পদ...

দেশৰ ১% পুঁজিপতিৰ হাতত ৪০% সম্পদ...

ডিজিটেল ডেস্ক : প্ৰায় ১৪১ কোটি জনসংখ্যাবিশিষ্ট ভাৰতৰ মাত্ৰ ১% লোক আটাইতকৈ ধনী আৰু এই পুঁজিপতিসকলেই হৈছে দেশখনৰ ৪০% সম্পত্তিৰ মালিক । আন্ত:ৰাষ্ট্ৰীয় সংস্থা অক্সফেমৰ এখন প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে আৰু এই প্ৰতিবেদনৰ মতে ২০২০ চনত ভাৰতৰ ১০২ গৰাকী ধনকুবেৰ (বিলিয়নিয়াৰ) ৰ সংখ্যা ২০২২ চনত বৃদ্ধি পাই হয়গৈ ১৬৬ গৰাকী । আনহাতে, দেশৰ দৰিদ্ৰ মুঠ জনসংখ্যাৰ অৰ্ধকাংশৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে দেশৰ মুঠ সম্পদৰ মাত্ৰ তিনি শতাংশ । ভাৰতৰ সংখ্যাগৰিষ্ঠ দৰিদ্ৰ লোকেই জীৱন ধাৰণৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীখিনি ক্ৰয় কৰিবলৈ সক্ষম নহয় ।

ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইক'ন'মিক ফ'ৰামৰ বাৰ্ষিক সভাৰ প্ৰথম দিনটোতে অক্সফেমে ভাৰতৰ বাৰ্ষিক বৈষম্যৰ পৰিপূৰক প্ৰতিবেদন প্ৰকাশ কৰে । সংস্থাটোৰ মতে ভাৰতৰ ১০টা ধনী পৰিয়াল বা ব্যক্তিয়ে যদি ৫ শতাংশ হাৰত চৰকাৰক কৰ আদায় দিয়ে, তেন্তে বিদ্যালয় ত্যাগ কৰা দেশৰ সকলো ছাত্ৰ-ছাত্ৰীক শিক্ষা জীৱনলৈ উভতাই আনিব পৰা যাব ।

প্ৰতিবেদনখনৰ মতে কেৱল এজন বিলিয়নিয়াৰ, গৌতম আদানিৰ ২০১৭-২০২১ বৰ্ষৰ মাজৰ অনাদায়ী লাভৰ ওপৰত এককালীন কৰ আৰোপ কৰা হয়, তেন্তে ১.৭৯ লাখ কোটি টকা ৰাজহ সংগ্ৰহ কৰিব পৰা যাব । দেশখনৰ ৫০ লাখ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক দৰমহা দিবৰ বাবে এই ধনৰাশীয়েই যথেষ্ট ।

ইয়াৰ ওপৰিও দেশৰ সকলো ধনকুবেৰে যদি মাত্ৰ এবাৰ তেওঁলোকৰ সকলো সম্পদৰ ওপৰত ২ শতাংশ কৰ আৰোপ কৰি ৰাজহ আদায় দিয়ে তেন্তে আগন্তুক ৩ বছৰৰ বাবে দেশত পুষ্টিহীন লোকৰ পৰিপুষ্টিৰ বাবে প্ৰয়োজনীয় ৪০,৪২৩ কোটি টকা সংগ্ৰহ কৰিব পৰা যাব ।

ভাৰতত কেন্দ্ৰীয় চৰকাৰে বৃহৎ পু্ঁজিপতি গোষ্ঠী সমূহৰ কৰ পাতল কৰি দেশৰ জনকল্যাণমূলক শিতানত চৰকাৰী সুবিধা আৰু সামাজিক নিৰাপত্তা প্ৰায় সম্পূৰ্ণভাৱে নোহোৱা কৰি পেলাইছে বাবেই অক্সফেমে একপ্ৰকাৰে ভাৰতক সমালোচনাৰ মাধ্যমেৰে জনহিতকৰ কাম-কাজৰ বাবে বাট দেখুৱাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in