/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/dd8c31fc-78c4-4ce2-86e2-cab3b8c23ce5/artist.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি শিল্পী দিৱস। শিল্পী দিৱসৰ বিশেষ দিনটোত বটদ্ৰৱাৰ মাজজাজৰি গাঁৱৰ সংস্কৃতি ডাঞ্চ একাডেমীৰ বিশেষ আয়োজন। উল্লেখ্য যে, সংস্কৃতি ডাঞ্চ একাডেমীত নৃত্যশিল্পী ইন্দ্ৰানী গোস্বামীৰ তত্বাৱধানত অঞ্চলৰ কনকন শিশু সকলে সত্ৰীয়া নৃত্য, লোক নৃত্য, শাস্ত্ৰীয় নৃত্য আদিৰ চৰ্চা চলাইছে।
শেহতীয়াকৈ কলকাতাত অনুষ্ঠিত হোৱা এক ৰাষ্ট্ৰীয় সমাৰোহত এই একাডেমীৰ এঘাৰ গৰাকী শিশু শিল্পীয়ে পুৰস্কাৰ লাভ কৰি প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে। যাৰ পৰিপেক্ষিতত আজি শিল্পী দিৱসৰ পুৱা স্থানীয় ৰাইজে শিশু শিল্পী সকলৰ লগতে ইন্দ্ৰানী গোস্বামীক সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us