/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1d56e1de-4bef-43ce-a05b-951d84dde354/Bilahi.jpg)
ডিজিটেল ডেস্কঃ বিলাহী এতিয়া সমগ্ৰ দেশতেই বিলাসী। সমগ্ৰ দেশতে বিলাহীৰ আকাশচুম্বী মূল্যৰ মাজতে মহাৰাষ্ট্ৰৰ পুনেৰ এহাল কৃষক দম্পত্তিয়ে বিলাসী বিলাহী বিক্ৰী কৰি ২.৮ কোটি টকাতকৈও অধিক উপাৰ্জন কৰিছে। এই খবৰে ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক তথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।
দেশৰ প্ৰায় প্ৰতিটো স্থানতেই বিলাহীৰ মূল্য এতিয়া ১৫০ৰো ঊৰ্দ্ধৰ। যাৰ বাবে সাধাৰণ জনতাই বিলাহী ক্ৰয় কৰিবলৈ চিন্তাত পৰিবলগীয়া হৈছে। ইয়াৰ মাজতে এয়া কৃষকৰ বাবে ভাল খবৰলৈ ৰূপান্তৰিত হৈছে। অৱশ্যে বহু ঠাইত বিলাহীৰ আকাশচুম্বী মূল্যই কৃষকৰ সলনি এচাম মধ্যভোগীক বেছি লাভাম্বিত কৰিছে ।
বিলাহীৰ এই চৰ্চা মাজতে পুনেৰ জুন্নাৰ তালুকাৰ বাসিন্দা ঈশ্বৰ গয়াকাৰ (৩৬) আৰু তেওঁৰ পত্নীয়ে বিলাহী খেতি কৰি ২.৮ কোটি টকা উপাৰ্জন কৰাৰ খবৰ বিয়পি পৰিছে। দম্পত্তিহালে ২.৮ কোটি টকা উপাৰ্জন কৰিয়ে সামৰা নাই তেওঁলোকৰ কৰ্তব্য। তেওঁলোকে লক্ষ্য কৰি লৈছে ৩.৫ কোটি পৰ্যন্ত উপাৰ্জন কৰাৰ।
১২ একৰ ভূমিত খেতি কৰা দম্পত্তিহালে অৱশ্যে তেওঁলোকৰ ৬-৭ বছৰীয়া খেতিৰ যাত্ৰাত সন্মুখীন হৈছিল ১৮-২০ লাখ টকাৰ লোকচানৰো। যাৰ বাবে এই উপাৰ্জন ভগবানে দিয়া উপহাৰ বুলি ব্যক্ত কৰে কৃষকজনে। উল্লেখ্য এই বছৰ ১২ একৰ কৃষিভূমিত কৰা বিলাহীৰ খেতিৰ ফচল প্ৰতি ক্ৰেটত ৭৭০ টকাৰ পৰা ২৩১১ টকাৰ ভিতৰত প্ৰায় ১৭০০০ ক্ৰেট বিক্ৰী কৰিছে। বিক্ৰী কৰা এই বিলাহীৰ পৰিমাণ গণিয়ে এই বছৰ তেওঁ বৰ্তমানলৈ ২.৮ কোটি টকা উপাৰ্জন কৰিছে বুলি ব্যক্ত কৰে।
আনহাতে তেওঁলোকৰ বৰ্তমানেও জমা থকা ৪০০০ ক্ৰেট বিলাহীৰ প্ৰতি লক্ষ্য ৰাখি ৩.৫ কোটি টকা উপাৰ্জনৰ কৰাৰ আশা পোষণ কৰিছে দম্পত্তিহালে। বিলাহীৰ এই আকাশলংঘী দামৰ বাবেই কোটি উপাৰ্জন কৰা কৃষকজনে ক'লে বতৰে এইবাৰ সলনি কৰিলে কৃষকৰ কঁপাল।
Also Read: সুৰামত্ত পিতৃয়ে দাৰে ঘপিয়ালে নিজ কন্যাক...