ডিজিটেল ডেস্কঃ দেশত অত্যাধিক হাৰত হোৱা মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। শাক-পাচলিৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰে অত্যাধিকহাৰত মূল্যবৃদ্ধি হৈছে।
বিগত কেইমাহমানৰ পৰা বিলাহীৰ মূল্যই আকাশ চুইছে। পুনৰ ৰাষ্ট্ৰীয় ৰাজধানীত বৃদ্ধি পাইছে বিলাহীৰ মূল্য। বুধবাৰে দিল্লীৰ প্ৰায়ভাগ অঞ্চলত বিলাহীৰ মূল্য প্ৰতিকিলোত ২৫৯ টকা হয়গৈ।
বিলাহীৰ বৰ্ধিত মূল্যৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ১৪ জুলাইৰ পৰা ৰাজসাহায্যযুক্ত হাৰত বিলাহী বিক্ৰী কৰা আৰম্ভ কৰিছিল। কিন্তু আজি পুনৰ বৃদ্ধি হয় বিলাহীৰ মূল্য।
উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বুধবাৰে বিলাহীৰ খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত ২০৩ টকা । আনহাতে মাদাৰ ডেইৰীৰ চাফাল ৰিটেইল আউটলেটত ইয়াৰ মূল্য প্ৰতি কিলোগ্ৰামত ২৫৯ টকা।
উল্লেখ্য যে, দেশৰ বিভিন্ন স্থানত বিলাহীৰ মূল্য আকাশলংঘী হৈছে। ১০০ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত পাছেগৈ বিলাহীৰ মূল্য। ইয়াৰ কাৰণ একাংশই বেয়া বতৰ বুলি কয়।কিন্তু কেতিয়ালৈকে বিলাহী বা আন শাক-পাচলিৰ মূল্য নিয়ন্ত্ৰিত হ'ব তাৰ কোনো নিশ্চিয়তা নাই।