এটা চৰাই আৰু ১০,০০০ টকা...

জীৱ-জন্তু আৰু চৰাইৰ প্ৰতি মানুহৰ প্ৰেমৰ বহুতো উদাহৰণ দেখা আৰু শুনা যায়।

author-image
Asomiya Pratidin
New Update
এটা চৰাই আৰু ১০,০০০ টকা...

ডিজিটেল ডেস্কঃ জীৱ-জন্তু আৰু চৰাইৰ প্ৰতি মানুহৰ প্ৰেমৰ বহুতো উদাহৰণ দেখা আৰু শুনা যায়। ইয়াৰ মাজতে ৰাজপথত দেখা গৈছে এখন বিশেষ পোষ্টাৰ। য'ত এজনলোকে তেওঁৰ হেৰুওৱা ভাঁটৌ চৰাই বিচাৰি পোষ্টাৰ আঁৰিছে।

এই ঘটনা মধ্যপ্ৰদেশৰ। দীপক ছোনী নামৰ লোকজনৰ 'মিথু' নামৰ এটা ভাঁটৌ চৰাই আছিল। মঙলবাৰে ভাঁটৌ চৰাইটো উৰি গুচি যায় কিন্তু উভতি নাহে। এতিয়াও মিথুৰ অপেক্ষা কৰি আছে দীপকে।

মিথুৰ নিৰুদ্দেশৰ বাবে এতিয়া দীপকৰ পৰিয়ালৰ লোকে চহৰৰ বিভিন্ন ঠাইত পোষ্টাৰ আঁৰিছে।য'ত লিখিছে, যিয়ে মিথুৰ সন্ধান দিব পাৰে তাক ১০,০০০ টকা পুৰস্কাৰ দিয়া হব'। এই খবৰে ছ'চিয়েল মিডিয়াত এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

Also Read: লখিমপুৰৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল যুৱতীৰ, এতিয়ালৈকে হোৱা নাই চিনাক্ত

bird