/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f0c8f67d-146b-479a-9ec7-f60539e87106/AP_FOR_WEB_bilahi.jpg)
ডিজিটেল ডেস্কঃ কেৱল ৰাজ্যতেই নহয়, সমগ্ৰ দেশতে হৈছে মূল্যবৃদ্ধি। বিশেষকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা কলা খুৱাইছে জনতাক। শাক-পাচলিৰ পৰা মাছ-মাংস সকলোতে বৃদ্ধি পাইছে দাম।
অসমত বিলাহীৰ মূল্য ১০০ ৰ পৰা ১২০ টকা পৰ্যন্ত হৈছেগৈ। ইয়াৰ মাজতে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত সৰ্বাধিক মূল্য প্ৰতি কিলোগ্ৰামত ১৬২ টকা, আনহাতে ৰাজস্থানৰ চুৰু জিলাত সৰ্বনিম্ন হাৰ আছিল প্ৰতি কিলোগ্ৰামত ৩১ টকা।
উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি মহানগৰসমূহৰ ভিতৰত বিলাহীৰ খুচুৰা মূল্য কলকাতাত সৰ্বাধিক ১৫২ টকা, তাৰ পিছত দিল্লীত প্ৰতি কিলোগ্ৰামত ১২০ টকা, চেন্নাইত ১১৭ টকা আৰু মুম্বাইত ১০৮ টকা।
উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তত হোৱা বানপানীৰ বাবে বিলাহীৰ আমদানি কমি গৈছে। যাৰ বাবে এই মূল্যবৃদ্ধি হৈছে। অসমত বিলাহীৰ পাইকাৰী মূল্য ১০০তকৈ কম থাকে যদিও একাংশ দুষ্ট চক্ৰৰ লোকে খুচুৰা ব্যৱসায়ত ইয়াক ১২০ টকা পৰ্যন্ত বিক্ৰী কৰি আছে।