দেশতেই বৃদ্ধি পাইছে বিলাহীৰ মূল্য; অতিষ্ঠ গ্ৰাহক...

দেশতেই বৃদ্ধি পাইছে বিলাহীৰ মূল্য; অতিষ্ঠ গ্ৰাহক...

ডিজিটেল ডেস্ক : হুৰাহুৰে বাঢ়িছে বিলাহীৰ দাম। দেশতে বিলাহীৰ মূল্য বৃদ্ধি হোৱাত গ্ৰাহকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশৰ প্ৰায়বোৰ ঠাইতে প্ৰতি কিলোগ্ৰামত ৮০ৰ পৰা ১০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে বিলাহীৰ মূল্য।

আমি সচৰাচৰ ব্যৱহৃত এবিধ পাচলি হ'ল বিলাহী। পাকঘৰত বিলাসী নহ'লে আহাৰ ৰন্ধা যেন আধৰুৱা হয় ৰান্ধনীৰ। প্ৰায় প্ৰতিদিনেই পাকঘৰত বিলাহী প্ৰয়োগৰ বাবে বজাৰত ভাল চাহিদা আছে এই বিধ পাচলিৰ। পিছে এতিয়া বিলাহী ক্ৰয়ৰ বাবে এপলক চিন্তাত পৰিব লগীয়া হৈছে গ্ৰাহক। দেশৰ প্ৰতিখন সৰু-বৰ বজাৰতেই বৃদ্ধি পাইছে বিলাহীৰ মূল্য।

কি দেশৰ ৰাজধানী চহৰ দিল্লী, কি মায়ানগৰী মুম্বাই; সকলোতে শতকৰ ঘৰ চুইছে বিলাহীয়ে। মায়ানগৰী মুম্বাইত এসপ্তাহত শতকৰ ঘৰ চুলে বিলাহীয়ে। যাৰ বাবে গ্ৰাহকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কৰ্ণাটকাৰ ৰাজধানী চহৰ বাংগালোৰতো একেই পৰিস্থিতি। চলিত সপ্তাহৰ দুই-তিনিদিনতেই ৮০ৰ পৰা ১০০ টকা পৰ্যন্ত চুইছে বিলাহীৰ মূল্য। আকৌ উত্তৰ প্ৰদেশৰ কাণপুৰৰ বজাৰতো বিলাহীৰ মূল্যত সাদৃশ্য। এসপ্তাহৰ আগত ৪০ৰ পৰা ৫০ টকা দৰত বিক্ৰি হোৱা বিলাহী এতিয়া বিক্ৰি হৈছে ৮০ৰ পৰা ১০০ টকা দৰত।

সমান্তৰালভাবে অসমতো বৃদ্ধি পাইছে বিলাহীৰ মূল্য। গুৱাহাটী মহানগৰীৰ বজাৰতো বিগত সপ্তাহৰ তুলনাত বৃদ্ধি পাইছে এইবিধ পাচলিৰ মূল্য। গুৱাহাটীতো বৰ্তমান প্ৰতি কিলোত ৮০ টকা দৰত বিক্ৰি হৈছে বিলাহী।

ধাৰষাৰ বৃষ্টিপাত তথা অত্যাধিক তাপমাত্ৰাৰ বাবে বিলাহী খেতিপথাৰত বিনষ্ট হোৱাৰ সমান্তৰালভাবে উৎপাদন হ্ৰাস হোৱাৰ বাবেই দেশত বৃদ্ধি পাইছে ইয়াৰ মূল্য। অসমতো শেহতীয়া প্ৰাকৃতিক দুৰ্যোগত অন্যান্য খেতিকে ধৰি বিলাহী খেতিৰ যথেষ্ট ক্ষতি সাধন হৈছিল। প্ৰবল বৃষ্টিপাতৰ ফলত খেতিপথাৰত নষ্ট হৈয়ে আছে হাজাৰ হাজাৰ হেক্টৰ ভূমিত বিলাহীৰ খেতি। যাৰ বাবে হুৰাহুৰে বৃদ্ধি পাইছে বিলাহীৰ মূল্য। অৱশ্যে উল্লেখৰ প্ৰয়োজন যে, ৰাজ্যৰ বজাৰত বিলাহীৰ সমান্তৰালভাবে অন্যান্য শাক-পাচলি দামো বৃদ্ধি পাইছে। যাৰ বাবে বজাৰলৈ গৈ এপলক থমকি ৰ'ব লগা হৈছে গ্ৰাহকসকল।

দেশতেই বৃদ্ধি পাইছে বিলাহীৰ মূল্য; অতিষ্ঠ গ্ৰাহক...
ৰাজ্যৰ ক'ত ক'ত কিমান ঠাই বানৰ কবলত ? কি পৰিস্থিতিত ৰাজ্যৰ বান...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in