ৰাজ্যৰ ক'ত ক'ত কিমান ঠাই বানৰ কবলত ? কি পৰিস্থিতিত ৰাজ্যৰ বান...

ৰাজ্যৰ ক'ত ক'ত কিমান ঠাই বানৰ কবলত ? কি পৰিস্থিতিত ৰাজ্যৰ বান...
Published on
Updated on

ৰাজ্যৰ বৰ্তমানৰ বান পৰিস্থিতি কেনে ? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

বছৰৰ প্ৰথমটো বানে ধুই গৈছে ৰাজ্য। বৰষুণৰ পৰিমাণ কমাৰ লগে লগে বান পৰিস্থিতি কিছু উন্নত হৈছে। অসম চৰকাৰৰ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যৰ কোনো এখন নদী বিপদসীমাৰ ওপৰেৰে পানী বৈ থকা নাই। এই বানত ইতিমধ্যে প্লাৱিত হৈছে ১১খনকৈ জিলা।

বানত বুৰ গৈ থকা জিলা তথা মহকুমাসমূহ হ’ল- বজালী, বাক্সা, বৰপেটা, দৰঙ, ডিব্ৰুগড়, গোলাঘাট, কামৰূপ, লখিমপুৰ, নগাঁও, নলবাৰী, তামুলপুৰ আদি। বজালীত মুঠ ৪৪,৬১৬ জন লোক বানাক্ৰান্ত হৈছে। জিলাখনত মুঠ ২০৩ হেক্টৰ কৃষিভূমি নষ্ট হৈছে। বাক্সা, বৰপেটা, ডিব্ৰুগড়, লখিমপুৰ, তামুলপুৰ, নলবাৰী আদি জিলাত সৰ্বমুঠ বানাক্ৰান্তৰ সংখ্যা ১লাখ ৫৫ হাজাৰ ৮৯৬ গৰাকী। এই বানত সৰ্বমুঠ ৩,৮০১.৬৩ হেক্টৰ কৃষিভূমি নষ্ট হৈছে।

বানৰ বাবে ৰাজ্য চৰকাৰে মুঠ ৯৯ টা ৰিলিফ কেম্প স্থাপন কৰিছে। ইয়াৰ ভিতৰত সৰ্বাধিক ৰিলিফ কেম্প আছে বজালীত। এই বানত মৃত্যু হৈছে দুজনকৈ লোকৰ। এই দুয়োজন লোকৰ মৃত্যু হৈছে বৰপেটাত। আনহাতে বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে ১,৬৭,০৮৬ টা পশুধন।

ইয়াৰোপৰি ২০ টা বাসগৃহ বানত সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ তথ্যও প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। প্ৰলয়াংকাৰী এই বানত ২১৩টা পথ নষ্ট হোৱাৰ সমান্তৰালভাবে ১৪খন দলং আৰু ১৪ টা মথাউৰি খহাই নিছে। এই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে বজালী জিলা। জিলাখনৰ ১৯১ খন গাঁও পানীৰ তলত আছে। সৰুপেটা মহকুমাতো ৯০,৫৭৫ জন লোক বানৰ কবলত। ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উজনিৰ পৰা নামনিলৈ বানৰ কবলত পৰিছে প্ৰায় ৪,৯৫,৭০০ জন লোক।

বৰ্তমান ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি কিছু উন্নত যদিও এতিয়া সুস্থিৰ অৱস্থাত নাই লাখৰো অধিক পৰিয়াল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in