ৰাম মন্দিৰঃ মাত্ৰ ৮৪ ছেকেণ্ড, কেতিয়া হ'ব অভিজিৎ ক্ষণ? জানক সৱিশেষ

ৰাম মন্দিৰঃ মাত্ৰ ৮৪ ছেকেণ্ড, কেতিয়া হ'ব অভিজিৎ ক্ষণ? জানক সৱিশেষ

author-image
Asomiya Pratidin
New Update
ৰাম মন্দিৰঃ মাত্ৰ ৮৪ ছেকেণ্ড, কেতিয়া হ'ব অভিজিৎ ক্ষণ? জানক সৱিশেষ

ডিজিটেল ডেস্কঃ আহি পালে সেই শুভ দিন। ৫৫০ বছৰ পাছত স্থায়ী ঠিকনা পালে ৰামলালাই। আজি শ্ৰী ৰাম জন্মভূমি অযোধ্যাত উদ্বোধন কৰা হ'ব বিশ্বৰ কোটি কোটি হিন্দুৰ আশা, আস্থা আৰু বিশ্বাসৰ প্ৰতীক ৰাম মন্দিৰ।

Advertisment

ইতিমধ্যে ৰাম মন্দিৰত উপস্থিত হৈছে দেশ-বিদেশৰ বহু ভক্ত। প্ৰায় ৭০০০ ভক্তই অংশগ্ৰহণ কৰিব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত। লগতে দেশ-বিদেশৰ বহু বিশিষ্ট ব্যক্তিক আমন্ত্ৰনো জনোৱা হৈছে ইয়াৰ লগত সংগতি ৰাখি।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে আছে শুভ ক্ষণ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অভিজিৎ ক্ষণত কৰা হ'ব। এই কাৰ্যসূচী দ্বাদশী তিথিৰ অভিজিৎ ক্ষণ, ইন্দ্ৰ যোগ, মৃগৰাশি নক্ষত্ৰ, মেঘ লগ্ন বৃশ্চিক নৱনশত হ'ব। শুভ ক্ষণ দিনৰ ১২ বাজি ২৯ মিনিট আৰু ৮ ছেকেণ্ডৰ পৰা আৰম্ভ হৈ ১২ বাজি ৩০ মিনিট আৰু ৩২ ছেকেণ্ডলৈ আছে। অৰ্থাৎ শুভ ক্ষণ কেৱল ৮৪ ছেকেণ্ডৰ।

এই অনুষ্ঠানটোত ১২১ জন আচাৰ্য থাকিব যিয়ে সমগ্ৰ প্ৰক্ৰিয়াটোৰ মাগদৰ্শন কৰিব। বাৰাণসীৰ গণেশ শাস্ত্ৰী দ্ৰাবিড়ে সকলো প্ৰক্ৰিয়াত তদাৰক কৰিব। কাশীৰ লক্ষ্মীকান্ত দীক্ষিত মুখ্য আচাৰ্য হ'ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব।

Also Read: সুদীৰ্ঘ পৰিক্ৰমাৰ অৱসানঃ আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা

raam raam mandir ayodhya