/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f086b36b-440b-4f3c-8cbc-e84bff63160a/fff.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত আহি পালে দিন। আজি প্ৰাণ প্ৰতিষ্ঠা হব অযোধ্যাৰ ৰাম মন্দিৰৰ। ইতিমধ্যে ন কইনাৰ ৰূপত সজাই-পৰাই তোলা হৈছে ৰাম নগৰী অযোধ্যা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডীসহ দেশ-বিদেশৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব সমাৰোহত।
মোডীয়ে অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধনো কৰিব। পিএমঅ কাৰ্যালয়ে এই তথ্য দিছে।
প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ অক্টোবৰত 'প্ৰাণ প্ৰতিষ্ঠ' অনুষ্ঠানৰ বাবে শ্ৰী ৰাম জন্মভূমি ন্যাসৰ পৰা আমন্ত্ৰণ লাভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰাম জন্মভূমি মন্দিৰ নিৰ্মাণৰ সৈতে জড়িত শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰিব। তেওঁ কুবেৰ তিলাও পৰিদৰ্শন কৰিব, য'ত এটা প্ৰাচীন শিৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছে।
ৰাম মন্দিৰ পৰম্পৰাগত নাগাৰা শৈলীত নিৰ্মাণ কৰা হৈছে। মন্দিৰটোৰ চৌহদ৩৮০ ফুট দীঘল (পূব-পশ্চিম দিশ), ২৫০ ফুট বহল আৰু ১৬১ফুট ওখ। মন্দিৰৰ প্ৰতিটো মহলা ২০ ফুট ওখ আৰু ইয়াত মুঠ ৩৯২ টা স্তম্ভ আৰু ৪৪ খন দুৱাৰ আছে। মন্দিৰৰ স্তম্ভ আৰু দেৱালত হিন্দু দেৱ-দেৱীৰ ছবি আছে।
তলৰ মহলাত থকা মুখ্য গৰ্ভগৃহত, ভগৱান শ্ৰী ৰামৰ শিশু ৰূপ ৰখা হৈছে। মন্দিৰটোত পাঁচটা মণ্ডপ আছে – নৃতা মণ্ডপ, ৰং মণ্ডপ, সভা মণ্ডপ, প্ৰৰ্থনা মণ্ডপ আৰু কীৰ্তন মণ্ডপ।
ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিধি ২২ জানুৱাৰী দিনৰ ভাগত আৰম্ভ হ'ব। শুভ সময় ১২ বাজি ২৯ মিনিট ৮ ছেকেণ্ডৰ পৰা ১২ বাজি ৩০ মিনিট ২০ ছেকেণ্ডলৈ আছে। প্ৰাণ প্ৰতিষ্ঠাৰ শুভ মুহুৰ্ত কেৱল ৮৪ ছেকেণ্ডৰ।
১২১ জন আচাৰ্য থাকিব যিয়ে অনুষ্ঠানটোৰ সকলো ৰীতি-নীতিৰ প্ৰক্ৰিয়াৰ সমন্বয়, সমৰ্থন আৰু নিৰ্দেশনা দিব।
Also Read: ক্ষমা বিচাৰিলে গোলাঘাটৰ ছাত্ৰনেতা গীতাৰ্থ শইকীয়া আৰু বিশ্বজিৎ গগৈয়ে