অসুস্থ তৃণমূল কংগ্ৰেছৰ নেতা মুকুল ৰায়ঃ এপ'ল'ত চিকিৎসাধীন...

অসুস্থ তৃণমূল কংগ্ৰেছৰ নেতা মুকুল ৰায়ঃ এপ'ল'ত চিকিৎসাধীন...

author-image
Asomiya Pratidin
New Update
অসুস্থ তৃণমূল কংগ্ৰেছৰ নেতা মুকুল ৰায়ঃ এপ'ল'ত চিকিৎসাধীন...

অসুস্থ তৃণমূল কংগ্ৰেছৰ নেতা মুকুল ৰায়ঃ এপ'ল'ত চিকিৎসাধীন...

ডিজিটেল ডেস্কঃ অসুস্থ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মুকুল ৰায়। তেওঁক ভৰ্তা কৰোৱা হৈছে কলকাতাৰ এপ'ল' চিকিৎসালয়ত। দেওবাৰেই তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত।

অৱশ্যে এতিয়া তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। ৬৮ বছৰীয়া নেতাগৰাকী দীৰ্ঘদিন ধৰি স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ আছে। পূৰ্বৰে পৰা তেওঁৰ চিকিৎসা চলি আছিল।

তেওঁৰ স্বাস্থ্যৰ সন্দৰ্ভত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি মুকুল ৰায়ৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও কিছু উন্নত চিকিৎসাৰ প্ৰয়োজন। সেয়ে তেওঁ কিছু দিন চিকিৎসালয়তে থাকিব লাগিব।

এই সময়ত তেওঁ বিশেষজ্ঞ চিকিৎসকৰ নিৰিক্ষণত থাকিব। ইফালে মুকুল ৰায়ে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বাবেই পশ্চিমবংগৰ বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষ পদৰ পৰাও পদত্যাগ কৰিছে।

Also Read: ১৪ এপ্ৰিলত বিহুৰে গীনিজ ৱ'ৰ্ল্ড ৰেকৰ্ড, এইমছৰ শুভ উদ্বোধনী ! আহিব প্ৰধানমন্ত্ৰী, জি-২০ ৰ প্ৰতিনিধি...

তৃণমূল কংগ্ৰেছ