১৪ এপ্ৰিলত বিহুৰে গীনিজ ৱ'ৰ্ল্ড ৰেকৰ্ড, এইমছৰ শুভ উদ্বোধনী ! আহিব প্ৰধানমন্ত্ৰী, জি-২০ ৰ প্ৰতিনিধি...

১৪ এপ্ৰিলত বিহুৰে গীনিজ ৱ'ৰ্ল্ড ৰেকৰ্ড, এইমছৰ শুভ উদ্বোধনী ! আহিব প্ৰধানমন্ত্ৰী, জি-২০ ৰ প্ৰতিনিধি...
১৪ এপ্ৰিলত বিহুৰে গীনিজ ৱ'ৰ্ল্ড ৰেকৰ্ড, এইমছৰ শুভ উদ্বোধনী ! আহিব প্ৰধানমন্ত্ৰী, জি-২০ ৰ প্ৰতিনিধি...

ডিজিটেল ডেস্কঃ আজি অনুষ্ঠিত হৈ যোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তসমূহৰ ভিতৰত আছিল য়চাহ বাগিচাত যুৱ দক্ষতা বৃদ্ধি কৰা, ৰাজ্যিক আপোন ঘৰ আঁচনি আৰু ভূমি সংৰক্ষণ সেৱা নীতি।

চাহ বাগিচাত যুৱ দক্ষতা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে বাগিচাসমূহত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে মহাপ্ৰভু জগন্নামথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্ৰ আঁচনিৰ প্ৰথম পৰ্যায়ৰ অধীনত ৫০০ টা জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্ৰ নিৰ্মাণৰ বাবে ৭৫০ কোটি টকা ধাৰ্ষ কৰা হৈছে।

এইসমূহ পৰ্যায়ক্ৰমে ৰাজ্যৰ বাগিচাসমূহৰ নিৰ্ধাৰিত স্থানত নিৰ্মাণ কৰা হ'ব। ইয়াৰ জৰিয়তে বিভিন্ন সাংস্কৃতিক আৰু সম্প্ৰদায়ৰ প্ৰয়োজনীয়তাৰ দিশত প্ৰতিখন চাহ বাগিচাৰ লগতে সামূহিক কেন্দ্ৰসমূহত দক্ষতাৰ সুবিধা প্ৰদান কৰি চাহ বাগিচা সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া প্রয়োজনীয়তা পূৰণ কৰাৰ আশা কৰা হৈছে।

আনহাতে আপোন ঘৰ আঁচনিৰ অধীনত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে সুত সাহায্যৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ১০৪.৫৭ কোটি টকাত অনুমোদন জনোৱা হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যিক কৰ্মচাৰীসকলে গৃহ ঋণ লাভ কৰাত সহায়ক হ'ব। এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে ১ ৩৬,১৫৯ গৰাকী কৰ্মচাৰীয়ে সুবিধা লাভ কৰিছে।

ভূমি সংৰক্ষণ সেৱা নীতিৰ সন্দৰ্ভত লোৱা সিদ্ধান্ত অনুসৰি ভূমি সংৰক্ষণ সেৱা নীতি, ২০২৩ ত অনুমোদন জনোৱা হৈছে। ইয়াৰ ফলত ভূমি সংৰক্ষণ সেৱা নীতিৰ ক্ষেত্ৰত ভূমি সংৰক্ষণ বিভাগত প্ৰশাসন ব্যৱস্থা সুশৃংখলিত কৰাৰ লক্ষ্য লোৱা হৈছে।

বিভাগটোৰ বিভিন্ন বিষয়াৰ পদোন্নতি আৰু নিযুক্তিৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰাৰ বিষয়েও আলোচনা কৰা হয়। এই পদক্ষেপে কৰ্মচাৰীসকলক প্ৰেৰণা যোগোৱাৰ লগতে সেৱা বিষয়ক অসুবিধাসমূহ আঁতৰ কৰিব।

আনহাতে বিহুক গীনিজ বিশ্ব ৰেকৰ্ডত স্থান দিয়াৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তসমূহোও ঘোষণা কৰা হৈছে। এই বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত সবিস্তাৰে ব্যাখ্যা কৰিছে।

তেওঁ উল্লেখ কৰা অনুসৰি অহা ১৪ এপ্ৰিলত বিহুক গীনিজ বিশ্ব ৰেকৰ্ডত স্থান দিয়াৰ বাবে সৰুসজাইত অনুষ্ঠিত হ'বি বিশেষ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

আনহাতে এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰী, ৰাজ্যপাল আদি। অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ'ব জি-২০ ৰ অন্তৰ্গত দেশসমূহৰো ৰাষ্ট্ৰদূত আৰু দক্ষিণ পূৱ এছিয়াৰ ৰাষ্ট্ৰদূতসকলক।

অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ'ব ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমকো। এই অনুষ্ঠানত ১১ হাজাৰৰো অধিক নাচনী, ঢুলীয়াই। ইয়াৰ বাবে ১ মাৰ্চৰ পৰা আৰম্ভ হ'ব অনুশীলন।

এই অনুষ্ঠানৰ বাবে প্ৰতিখন জিলাৰ পৰা ৭০ গৰাকী বিহুৱতী আৰু ৩০ জনকৈ ঢুলীয়াই অংশগ্ৰহণ কৰিব। কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব মাষ্টাৰ প্ৰশিক্ষণ। ইয়াৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা বিহুৱা- বিহুৱতীয়ে অগ্ৰাধিকাৰ লাভ কৰিব। ১ মাৰ্চত প্ৰদৰ্শন হ'ব মাষ্টাৰ ট্ৰেইনাৰৰ বিহুনৃত্য।

এই সংবাদ মেলতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, ১ মাৰ্চৰ পৰা ১৫ এপ্ৰিললৈ ৰাজ্যত কোনেও বিক্ৰী কৰিব নোৱাৰিব বহিঃৰাজ্যক গোমাচা। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি এগৰাকী বিহুৱা, বিহুৱতীয়ে সাজপাৰৰ বাবে লাভ কৰিব ধন। তেওঁলোকক সাজ-পাৰৰ বাবে ৩ হাজাৰ টকা প্ৰদান কৰা হ'ব।

ইয়াৰ উপৰিও গুৱাহাটীক বাদ দি অন্যান্য জিলাত এগৰাকী বিহুৱা, বিহুৱতীয়ে এদিনত লাভ কৰিব ৩০০ কৈ টকা। গুৱাহাটীৰ বিহুৱা, বিহুৱতীয়ে লাভ কৰিব ১০০০ কৈ টকা। এইদৰে এগৰাকী বিহুৱা, বিহুৱতীৰ নামত চৰকাৰে খৰচ কৰিব ১০, ৫০০ টকা।

আনহাতে উক্ত দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্য চৰকাৰে হাতত লোৱা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পও উদ্বোধন কৰিব। সেই দিনাই আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হ'ব পাৰে এইমছ।

আধাৰশিলা স্থাপন কৰা হ'ব পলাশবাৰী-শুৱালকুছিৰ ৪ হাজাৰ কোটি টকীয়া দলঙৰ। ১৪ এপ্ৰিলৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে সকলো ৰাজ্য ভ্ৰমণ কৰিব কেবিনেট মন্ত্ৰীসকলে। ২০ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক নিমন্ত্ৰণ জনাবলৈ ভাগে ভাগে যাব মন্ত্ৰীসকল।

১৪ এপ্ৰিলত বিহুৰে গীনিজ ৱ'ৰ্ল্ড ৰেকৰ্ড, এইমছৰ শুভ উদ্বোধনী ! আহিব প্ৰধানমন্ত্ৰী, জি-২০ ৰ প্ৰতিনিধি...
চাবুৱা চাহ বাগিচাৰ ফেক্টৰীত অগ্নিকাণ্ড...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in