টিম কুকে ভাৰতত খুলিব এপল ষ্ট'ৰ

এপলৰ মুখ্য কাৰ্যবাহী বিষয়াই ভাৰতত খুলিব এপল ষ্ট’ৰ । কুকে চীনৰ পিছতেই ভাৰতত এপ’ল ষ্টৰ খোলাৰ সিদ্ধান্ত লৈছে । এই লৈ এপলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব ।
টিম কুকে ভাৰতত খুলিব এপল ষ্ট'ৰ

ডিজিটেল ডেস্কঃ এপলৰ মুখ্য কাৰ্যবাহী বিষয়াই ভাৰতত খুলিব এপল ষ্ট’ৰ । কুকে চীনৰ পিছতেই ভাৰতত এপ’ল ষ্টৰ খোলাৰ সিদ্ধান্ত লৈছে । এই লৈ এপলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব ।

ভাৰতলৈ আহি বিষয়াগৰাকীয়ে এপলৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে কৈনেকৈ ভাৰতৰ বজাৰ দখল কৰিব পাৰি এইসমূহ দিশ নিৰিক্ষণ কৰিব । ভাৰতৰ দুটা স্থানত দুখনকৈ ষ্টৰ মুকলি কৰিব বুলি মঙলবাৰে জনাইছে এপল কতৃপক্ষই । মুম্বাইত ১৮ এপ্ৰিলত আৰু দিল্লীত ২০ এপ্ৰিলত দুখন ষ্টৰ মুকলি হ’ব ।

বান্দ্ৰা কুৰ্লা কমপ্লেক্সৰ এটা আপস্কেল মলৰ ভিতৰত এপলৰ প্ৰথম খন ইণ্ডিয়া ষ্ট'ৰ মুকলি কৰাৰ কুকে দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বৈঠকত মিলিত হ’ব বিছাৰিছে । লগতে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে বজাৰ দখলৰ কৰিবলৈ ভাৰতৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে । লগতে কু্কে কয় যে ভাৰতৰ ক্ষেত্ৰত মই যথেষ্ট উৎসাহী । কিয়নো ভাৰতীয় এপল বজাৰে প্ৰতিষ্ঠানটোলৈ বছৰে বছৰে ৰাজহ বৃদ্ধিত যথেষ্ট অৰিহনা আগবঢ়াইছে ।

উল্লেখ্য যে প্ৰতিষ্ঠিত কোম্পানীটোৱে ২০২০ চনত প্ৰথমবাৰৰ ভাৰতত অনলাইল ষ্টৰ মুকলি কৰিছিল । এপলৰ স্মাৰ্টফোন মাৰ্কেটৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ভাৰত হৈছে দ্বিতীয়খন সৰ্ববৃহৎ বজাৰ । চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সেয়ে দেশখনত কোম্পানীটোৱে দুখনকৈ, ষ্টৰ মুকলিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

টিম কুকে ভাৰতত খুলিব এপল ষ্ট'ৰ
বিশ্বৰ তৃতীয় উচ্চতম ব্যক্তি নেপালৰ ৰাজন আহিল কামাখ্যাত সেৱা জনাবলৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in