বিশ্বৰ তৃতীয় উচ্চতম ব্যক্তি নেপালৰ ৰাজন আহিল কামাখ্যাত সেৱা জনাবলৈ

বিশ্বৰ তৃতীয় উচ্চতম ব্যক্তি নেপালৰ ৰাজন আহিল কামাখ্যাত সেৱা জনাবলৈ

ডিজিটেল সংবাদ, জাগীৰোড : এগৰাকী দীৰ্ঘকায় ব্যক্তি। নেপালৰ ৰাজন অধিকাৰী আহিছে অসমলৈ। ৭.৩ ফুট উচ্চতাৰ ৰাজনৰ বয়স ৪৫ বছৰ। আজি জাগীৰোডত এই ব্যক্তি গৰাকীৰ সৈতে অকস্মাৎ সাক্ষাৎৰ সময়ত তেখেতে জনালে বিশ্বৰ দীৰ্ঘতম ব্যক্তিৰ তৃতীয় স্থানত তেওঁ আছে। ৪৫ বছৰীয়া ৰাজনৰ শৰীৰৰ ওজন ১৩৯ কিলোগ্ৰাম। মা-কামাখ্যাৰ আশীৰ্বাদ লবলৈ অহা ৰাজনে অসমৰ সৌন্দৰ্য আৰু আপ্যায়নত অভিভূত।

বৃত্তিগত দিশত ব্যৱসায়ী ৰাজনৰ নেপালত আছে এটা সেচ্ছাসেৱী সংগঠন। নাম ৰাজন অধিকাৰী ফাউন্ডেচন,নেপাল। মুলত কৃষি বিষয়ক সজাগতা আৰু কৃষিকৰ্মত জড়িত এই এন,জি,অ'টো। তেওঁলোকে নেপাল চৰকাৰৰ পৰা পুৰ্ন সহযোগিতা লাভ কৰা বুলি জানিবলৈ দি কয় যে নেপালৰ কৃষকৰ বাবে যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছে।

কাকৰভিটাৰ পৰা ২৫ কি:মি দুৰত্বৰ ইতৰিৰ বাসিন্দা ৰাজন বৰ্তমান কাঠমাণ্ডুৰ বাসিন্দা। অসমৰ বহুকেইখন আকৰ্ষণীয় স্থান পৰিদৰ্শন কৰি ১৩ এপ্ৰিলত নেপাললৈ উভতিব তেওঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি তেওঁৰ গভীৰ আস্থা। মোদীৰ শাসন আৰু কৰ্ম পদ্ধতিত তেওঁ সন্তুষ্ট বুলি উল্লেখ কৰি তেওঁ কয় যে মোদী বিশ্বৰ ক্ষমতাশালী নেতা।

সোধা হৈছিল ৰাজনক- মোদীৰ শাসনত নেপালৰ সৈতে চীনৰ কুটনৈতিক সম্পৰ্ক অৱনমিত হৈছে নেকি ? বা ভাৰতৰ সৈতে নেপালৰ সম্পৰ্কৰ অৱনতি ঘটিছে নেকি? নেপালৰ এজন নাগৰিক হিচাবে তেওঁৰ অনুভৱ কি জানিব বিচৰাত ৰাজনে কয় যে ভাৰতৰ সৈতে নেপালৰ ঐতিহাসিক সম্পৰ্কৰ মধুৰতা আজিও অটুট আছে। সম্পৰ্ক বেয়া হোৱা বুলি মাজে সময়ে চলা প্ৰচাৰ সংবাদ মাধ্যমৰ হে সৃষ্টি। নেপালৰ লোক সকলৰ সৈতে ভাৰতৰ লোক সকলৰ সম্পৰ্ক সদায়ে মধুৰ হৈয়ে থাকিব বুলি তেওঁ বিশ্বাস কৰে।

ৰাজন এগৰাকী ভলীবল খেলুৱৈ। আমলিঘাটত আত্মীয়ৰ ঘৰলৈ অহা ৰাজনক জাগীৰোডৰ কৃত্তিকা হোটেলৰ সন্মুখতে জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ সভাপতি দিব্যজিৎ নেওগ, জাগীৰোড লায়ন্স ক্লাৱৰ সভাপতি অতনু প্ৰসাদ বৰা প্ৰমুখ্যে বহু লোকে দীৰ্ঘকায় ৰাজনক ফুলাম গামোচাৰে সন্মান জনায়। অসমীয়াৰ এই আতিথ্যত ৰাজন মুগ্ধ হৈ পৰা বুলি জানিবলৈ দিয়ে।

বিশ্বৰ তৃতীয় উচ্চতম ব্যক্তি নেপালৰ ৰাজন আহিল কামাখ্যাত সেৱা জনাবলৈ
আৰ্থিক সংকট! সন্তানত বিহ পান কৰোৱাই ৭ সন্তানৰ পিতৃয়ে ল'লে চৰম সিদ্ধান্ত ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in