নৰ্থ ইষ্ট ফেষ্টিভেলত 'অসমীয়া প্ৰতিদিন'ৰ নতুন দিল্লীৰ ব্যুৰো চীফ আশীষ গুপ্তাসহ তিনি সাংবাদিকক সম্বৰ্ধনা...
নৰ্থ ইষ্ট ফেষ্টিভেলত 'অসমীয়া প্ৰতিদিন'ৰ নতুন দিল্লীৰ ব্যুৰো চীফ আশীষ গুপ্তাসহ তিনি সাংবাদিকক সম্বৰ্ধনা...

নৰ্থ ইষ্ট ফেষ্টিভেলত 'অসমীয়া প্ৰতিদিন'ৰ নতুন দিল্লীৰ ব্যুৰো চীফ আশীষ গুপ্তাসহ তিনি সাংবাদিকক সম্বৰ্ধনা...

ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত ২৩ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা নৰ্থ ইষ্ট ফেষ্টিভেলত তিনিগৰাকী সংবাদিকক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হৈছে। নৰ্থ ইষ্ট ফেষ্টিভেলত বিশেষ ভাৱে সম্বৰ্ধিত এই তিনি সাংবাদিক ক্ৰমে দীপক দেৱান, ৰাজকুমাৰ লেইচেম্বা আৰু আশীষ গুপ্তা।

সম্বৰ্ধিত আশীষ গুপ্তা অসমীয়া প্ৰতিদিন কাকতৰ দিল্লীৰ ব্যুৰো চীফ। বিগত প্ৰায় ৪ দশক ধৰি তেওঁ সাংবাদিকতাৰ সৈতে জড়িত হৈ আছে। তেওঁ দূৰদৰ্শনৰ বাতৰি অনুষ্ঠান খাছ খবৰ আৰু বাংলাদেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ সৈতেও জড়িত। তেওঁ এগৰাকী মানৱ অধিকাৰী কৰ্মী হিচাপেও পৰিচিত।

সম্বৰ্ধিত আন এগৰাকী হৈছে দীপক দেৱান। দীপক দেৱানে যোৱা চাৰি দশকৰো অধিক সময় ধৰি উত্তৰ পূৰ্বাঞ্চলত সাংবাদিকতা কৰি আহিছে। তেওঁ উত্তৰ পূৰ্বাঞ্চলত সাংবাদিকতা কৰা এই অঞ্চলটোৰ বাহিৰৰ এজন সাংবাদিক।

জুয়ে পোৰা ৮৩ ৰ পূৰ্বেই দেৱানে ১৯৮২ চনত অসমলৈ আহিছিল। তেওঁ ইয়াৰ পিছত চান আলোচনীত অসমৰ জনসাধাৰণৰ দুখ, কষ্ট অসম আন্দোলনৰ বিষয়ে মুঠ চাৰি টা খণ্ডত 'অসম ইজ বাৰ্ণিং' নামেৰে প্ৰতিবেদন লিখিছিল।

১৯৮৭ ত দেৱানে 'নৰ্থ ইষ্ট চান' নামৰে 'চান' আলোচনীত ১৬ পৃষ্ঠাৰ শাখা আৰম্ভ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৯৪ চনত 'নৰ্থ ইষ্ট চান' নামেৰে এটা পৃথক সংস্কৰণ আৰম্ভ কৰে। এই নৰ্থ ইষ্ট চান সময়ত উত্তৰ পূৰ্বাঞ্চলৰ কণ্ঠস্বৰ হৈ পৰে। এই নৰ্থ ইষ্ট চানেই পৰৱৰ্তী সময়ত উত্তৰ পূৰ্বাঞ্চলৰ উদীয়মান সাংবাদিকসকলৰ বাবেও এক প্ৰতিষ্ঠান হৈ পৰে।

দীপক দেৱানে ২০১৯ চনলৈকে নৰ্থ ইষ্ট চান' সম্পাদনা কৰে। ইয়াৰ পিছতে তেওঁ ধাৰাবাহিক ভাৱে ৰাষ্ট্ৰীয় নিউজ চেনেলসমূহত উত্তৰ-পূবৰ জনসাধাৰণৰ বিভিন্ন বিষয়ত বিতৰ্কত অংশ লৈ আহিছে।

আনহাতে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা তৃতীয়গৰাকী সাংবাদিক ৰাজকুমাৰ লেইচেম্বা। পেছাত সাংবাদিক হ'লেও লেইচেম্বা এগৰাকী পৰিৱেশ বিজ্ঞানী। ইম্ফলৰ বাসিন্দা লেইচেম্বাই সাংবাদিক হিচাপে ২৫ বছৰীয়া অভিজ্ঞতাৰে অভিজ্ঞ।

১৯৯০ ৰ দশকৰ মাজভাগত ইম্ফলত স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়ত তেওঁ 'দ্য ফ্ৰীডম মণিপুৰ' শীৰ্ষক এখন স্থানীয় বাতৰি কাকতৰ সৈতে সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।

পৰৱৰ্তী সময়ত তেওঁ নতুন দিল্লীত 'দ্য পাইঅ'নিয়াৰ'ত ইণ্টাৰ্ন হিচাপে যোগদান কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰৱেশ কৰে। লেইচেম্বাই টাইমছ অৱ ইণ্ডিয়া, ষ্ট্ৰেটেজিক বাতৰি কাকত, দ্য ফাইনেন্সিয়েল এক্সপ্ৰেছ, ডাউ জোনছ নিউজৱায়াৰকে ধৰি অন্যান্য মিডিয়া হাউচৰ সৈতে জড়িত হৈ পৰে। তেওঁ বৰ্তমান প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ সহযোগী সম্পাদক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in