/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/843d8cca-75ec-45cf-9274-80d48d1a547f/guwahati_24.jpg)
গুৱাহাটীৰ হাতীগাৱত অত্যাধুনিক নিউৰ'লজিকেল ক্লিনিক উদ্বোধন...
ডিজিটেল সংবাদ গুৱাহাটীঃ গুৱাহাটী পশ্চিম হাতীগাৱঁৰ কনকলতা পথত 'মভমেণ্ট ডিচ'অৰডাৰ এণ্ড নিউৰ'লজিক ক্লিনিক' নামৰ এখন অত্যাধুনিক নিউৰ'লজিকেল ডে' কেয়াৰ চেণ্টাৰ আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় । কেৱল গুৱাহাটী মহানগৰবাসীৰ বাবেই নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অতি সুখবৰ কঢ়িয়াই অনা এই নিউৰোলজিকেল ক্লিনিকখন শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী কনকসেন ডেকা আৰু তেখেতৰ পত্নী বিজুসেন ডেকাই।
ক্লিনিকখন আনুষ্ঠানিক ভাৱে মুকলি কৰি প্ৰবীণ সাংবাদিক গৰাকীয়ে অঞ্চলটোৰ সৰ্ব্ব সাধাৰণ ৰাইজলৈ ডা০ লক্ষ্য জ্যেতি বসুমতাৰী আৰু ডা০ মনালিছা ভক্তিয়াৰীৰ অমূল্য উপহাৰ বুলি মন্তব্য কৰে। বিশেষকৈ স্নায়ু আৰু ককাঁলৰ বিষ, মূৰৰ বিষত ভোগা ৰোগীৰ বাবে নতুন বছৰৰ আগমুহূৰ্তত 'মভমেণ্ট ডিচ'অৰডাৰ এণ্ড নিউৰ'লজিক ক্লিনিক' খন অন্যতম প্ৰধান উপহাৰ বুলি মত ব্যক্ত কৰি ইয়াৰ উদ্দেশ্য সফল হোৱাৰ কামনা কৰে ।
জ্যেষ্ঠ সাংবাদিক ভূপেন গোস্বামীৰ প্ৰমুখ্যে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা বহু গণ্য মাণ্য লোকৰ উপস্থিতিত ক্লিনিকখনৰ পৰিচালন সঞ্চালক ডাঃ লক্ষ্য জ্যোতি বসুমতাৰী (ডিএম নিউৰোলজী) য়ে জানিবলৈ দিয়ে যে, ক্লিনিকখনত পাৰ্কিনছন ৰোগ আৰু এই সম্পৰ্কিত বিকাৰ, ডিষ্টনিয়াৰ ৰোগ নিৰ্ণয় আৰু উন্নত চিকিৎসাৰ সম্পূৰ্ণ ব্যৱস্থা ইয়াত সংযোজিত কৰা হৈছে।
বিশেষকৈ ইইজি আৰু এনচিভিসহ পৰীক্ষাগাৰৰ সুবিধাৰ লগতে অতি কম খৰছত বটুলিনম টক্সিন থেৰাপিউটিক্স (বোটক্স) গ্ৰীৱাৰ ডিষ্টোনিয়া, ফোকেল টাস্ক, নিৰ্দিষ্ট ডিষ্টোনিয়া , হেমিফেচিয়েল স্পাজম, ব্লেফাৰোস্পাজম, ষ্ট্ৰোক স্পেষ্টিচিটি আদি অতি আধুনিক প্ৰণালীৰে চিকিৎসাৰ ব্যৱস্থা ৰখা হৈছে বুলি বিশিষ্ট চিকিৎসক জনে জানিবলৈ দিয়ে।
ক্লিক কৰি পঢ়কঃ চাণক্যনীতিৰে নিৰ্ণিত হ'ল সাহিত্য সভাৰ ভৱিষ্যত ! ড০ সূৰ্য হাজৰিকা পৰৱৰ্তী সভাপতি...