ৰেচন কেলেংকাৰী তদন্ত কৰিবলৈ যোৱা ইডিৰ বিষয়াৰ মূৰ ফালিলে আক্ৰমণকাৰীয়ে

ৰেচন কেলেংকাৰী তদন্ত কৰিবলৈ যোৱা ইডিৰ বিষয়াৰ মূৰ ফালিলে আক্ৰমণকাৰীয়ে

author-image
Asomiya Pratidin
New Update
ৰেচন কেলেংকাৰী তদন্ত কৰিবলৈ যোৱা ইডিৰ বিষয়াৰ মূৰ ফালিলে আক্ৰমণকাৰীয়ে

ৰেচন কেলেংকাৰী তদন্ত কৰিবলৈ যোৱা ইডিৰ বিষয়াৰ মূৰ ফালিলে আক্ৰমণকাৰীয়ে

ডিজিটেল ডেস্কঃ ৰেচন কেলেংকাৰীৰ এক তদন্ত কৰিবলৈ যোৱাৰ সময়তে ই ডিৰ দলৰ ওপৰত আক্ৰমণ। উল্লেখ্যে যে, পশ্চিমবংগৰ সান্দেশখালিত তৃণমূল কংগ্ৰেছৰ এজন নেতাৰ ঘৰত অভিযান চলাবলৈ গৈছিল ই ডিৰ এটা দল। এই দলটোৰ ওপৰত নেতাগৰাকীৰ সমৰ্থকসকলে দলবদ্ধ আক্ৰমণ কৰে। ফলত ইডিৰ কেইবাজনো বিষয়া আহত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰে এজন বিষয়াই মূৰত গুৰুতৰভাৱে আঘাত পাইছে।

Advertisment

উল্লেখ্য যে, সান্দেশখালিত এই ঘটনাত মুঠ ৩ জন বিষয়া আহত হৈছে বুলি ইডিৰ সূত্ৰত প্ৰকাশ পাইছে। তাৰে এগৰাকী সহকাৰী সঞ্চালক ৰাজকুমাৰ ৰাম। হাস্পতালত তেওঁৰ চিটিস্কেন কৰা হৈছে। আহত আন দুজন বিষয়াৰ নাম অংকুৰ আৰু সোমনাথ দত্ত।

শুকুৰবাৰে পুৱা প্ৰায় ৭-৩০ বজাত উত্তৰ ২৪ পৰগণা জিলাৰ সান্দেশখালিত তৃণমূল কংগ্ৰেছৰ নেতা শ্বাহজাহান শ্বেখৰ ঘৰত ৫ জনীয়া এটা ই ডিৰ দলে তালাচী চলাইছিল। এই দলটোৰ সৈতে আছিল চি আৰ পি এফৰো জোৱান।

স্থানীয় সূত্ৰ অনুসৰি এই দলটোৱে তৃণমূল কংগ্ৰেছৰ নেতা শ্বাহজাহানৰ ঘৰৰ ফালে যাবলৈ চেষ্টা কৰাৰ সময়তে গাওঁখনৰ একাংশ ৰাইজে তেওঁলোকক বাধা প্ৰদান কৰে। জানিব পৰা মতে এইসকল আছিল শ্বাহজাহানৰ অনুগামী। তাৰ পাছতো এই দলটোৱে শ্বাহজাহনৰ ঘৰত গৈ উপস্থিত হয় যদিও তেওঁ দুৱাৰ খুলি নিদিলে।

ফলত ইডিৰ দলটোৱে দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। সেই সময়তে ইডিৰ এই দলটোক আগুৰি ধৰি গাওঁনৰ সেই লোকসকলে প্ৰহাৰ কৰে। ফলত প্ৰাণ ৰক্ষা কৰিবলৈ তেওঁলোকে তাৰ পৰা পলায়ন কৰে।

তেওঁলোকে ব্যৱহাৰ কৰা বাহনখনো ভাঙে উত্তেজিত লোকসকলে। আনহাতে ইয়াৰ উপৰিও বানাওঁ পৌৰসভাৰ প্ৰাক্তন অধ্যক্ষ শংকৰ আধ্যাৰ ঘৰতো তালাচী চলায়। স্থানীয় সূত্ৰ অনুসৰি শংকৰ আৰু শ্বাহজাহান দুয়ো প্ৰাক্তন খাদ্য মন্ত্ৰী জ্যোতিপ্ৰিয়া মল্লিক (বালু)ৰ ঘনিষ্ঠ। ই ডিৰ সূত্ৰ অনুসৰি ৰেচন বিতৰণ দুৰ্নীতিৰ গোচৰৰ সন্দৰ্ভত এই দুই স্থানত অভিযান চলোৱা হৈছিল।

Also Read: কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ...

ইডি পশ্চিমবংগ