কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ...

কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ...

author-image
Asomiya Pratidin
New Update
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ...

কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ...

ডিজিটেল ডেস্কঃ ভূ-স্বৰ্গ কাশ্মীৰত অব্যাহত আছে সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষ। সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিল কৰি কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰক সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰাৰ কথা ঘোষণা কৰিছিল যদিও অঞ্চলটোত ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদীৰে সংঘৰ্ষ চলি আছে।

ছহিদ হৈছে বহু কেইজন সেনা বিষয়া, জোৱানকে ধৰি সুৰক্ষা ক্ষেত্ৰৰে জড়িত লোক। নতুন বছৰটোৰ আনন্দত দেশবাসী মতলীয়া হৈ থকাৰ সময়তে কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে।

আৰক্ষীয়ে জনোৱা মতে দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানৰ ছোটিগাম অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ সম্ভেদ পাই সুৰক্ষীবাহিনীয়ে অভিযান আৰম্ভ কৰে। এই অভিযানৰ মাজতে দুয়ো পক্ষৰ মাজত চলিছে গুলীয়াগুলীৰ সংঘৰ্ষ। সমগ্ৰ অঞ্চলটো সুৰক্ষাবাহিনীয়ে ঘেৰি ৰাখিছে। এই পৰ্যন্ত কোনো হতাহতিৰ খবৰ অহা নাই।

Also Read: আৰক্ষীৰ অভিযানঃ ঠায়ে ঠায়ে আটক কৰিছে প্ৰতিবাদাকাৰীক...

জম্মু কাশ্মীৰ