বিত্ত মন্ত্ৰীৰ পদত্যাগৰ দাবী কৰি মুম্বাইৰ ১১ টা স্থানত বোমা বিস্ফোৰণৰ ভাবুকি

বিত্ত মন্ত্ৰীৰ পদত্যাগৰ দাবী কৰি মুম্বাইৰ ১১ টা স্থানত বোমা বিস্ফোৰণৰ ভাবুকি

author-image
Asomiya Pratidin
New Update
বিত্ত মন্ত্ৰীৰ পদত্যাগৰ দাবী কৰি মুম্বাইৰ ১১ টা স্থানত বোমা বিস্ফোৰণৰ ভাবুকি

ডিজিটেল ডেস্কঃ পুনৰ কঁপি উঠিব নেকি মুম্বাই? ধাৰাবাহিক বোমা বিস্ফোৰণে পুনৰ স্তব্ধ কৰিব নেকি মুম্বাইৰ উশাহ? পুনৰবাৰ কোন সন্ত্ৰাসবাদীৰ চকু পৰিছে সপোন মহানগৰী মুম্বাইৰ ওপৰত?

Advertisment

মুম্বাইৰৱ ৰিজাৰ্ভ বেংক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছে কোনো অজ্ঞাতলোকে। এই খবৰৰ পাছতেই বৃদ্ধি কৰা হৈছে নিৰাপত্তা। মঙলবাৰে এই খবৰ পোহৰলৈ অহাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি, মঙলবাৰেপুৱা প্ৰায় ১০.৫০ বজাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ ইমেইল আইডিলৈ 'খিলাফাট ডট ইণ্ডিয়া' নামৰ এটা আইডিৰ পৰা মেইল আহিছিল। মেইলটোত আৰবিআইৰ নতুন কেন্দ্ৰীয় কাৰ্যালয় ভৱন, চাৰ্চগেটৰ এইচডিএফচি হাউচ আৰু বান্দ্ৰা-কুৰ্লা কমপ্লেক্সৰ আইচিআইচিআই বেংক টাৱাৰত বোমা বিস্ফোৰণৰ ভাবুকি দিছিল।

অৱশ্যে আৰবিআইৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু অন্য স্থানৰ পৰা কোনো সন্দেহযুক্ত সামগ্ৰী উদ্ধাৰ হোৱা নাই।

প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে, মেইলত অজ্ঞাত লোকজনে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু ৰিজাৰ্ভ বেংকৰ গবৰ্ণৰ শক্তিকান্ত দাসৰ পদত্যাগৰ দাবী কৰিছে। লগতে বেংক কেলেংকাৰীৰ তথ্য প্ৰকাশ কৰাৰো দাবী কৰিছে। লগতে কৈছে যে মুম্বাইৰ ১১ টা স্থানত বোমা ৰখা হৈছে আৰু দুপৰীয়া ১.৩০ বজাৰ পৰা বিস্ফোৰণ আৰম্ভ হ'ব।

অৱশ্যে এতিয়ালৈকে মুম্বাইত কোনো অনাকাংক্ষিত ঘটনা সংঘটিত হোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Also Read: অসমত লেখক যিমান ওলাইছে সমালোচকৰ সংখ্যা তাতকৈ কমঃ নগেন শইকীয়া

mumbai