অসমত লেখক যিমান ওলাইছে সমালোচকৰ সংখ্যা তাতকৈ কমঃ নগেন শইকীয়া

অসমত লেখক যিমান ওলাইছে সমালোচকৰ সংখ্যা তাতকৈ কমঃ নগেন শইকীয়া

author-image
Asomiya Pratidin
New Update
অসমত লেখক যিমান ওলাইছে সমালোচকৰ সংখ্যা তাতকৈ কমঃ নগেন শইকীয়া

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ অসমত লেখক যিমান ওলাইছে সমালোচকৰ সংখ্যা তাতকৈ কম। ফলত বহু ভাল গ্ৰন্থ সমালোচনা নোহোৱাকৈ থাকি গৈছে। সমালোচনা নোহোৱাৰ বাবে ভাল গ্ৰন্থবোৰৰ খবৰ পাঠকৰ ওচৰ নাপায়গৈ- এই মন্তব্য বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ। মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাই আয়োজন কৰা এক অনুষ্ঠানত এই মত প্ৰকাশ কৰে প্ৰতিথযশা সাহিত্যিক ড° নগেন শইকীয়াই।

Advertisment

প্ৰকাশন শাখাই প্ৰকাশ কৰা বিশিষ্ট সমালোচক ড° আনন্দ বৰমুদৈৰ 'আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি ড° শইকীয়াই লগতে কয় যে সাহিত্য সমালোচনা সদায় সৃষ্টিশীল হ'ব লাগে, ধ্বংসাত্মক হ'ব নালাগে। নিজৰ বক্তব্যত তেওঁ ড° বৰমুদৈৰ কিতাপখনৰ উচ্চ প্ৰশংসা কৰে।

২৬ ডিচেম্বৰৰ বিয়লি ৩.০০ বজাৰপৰা বিশ্ববিদ্যালয়ৰ ভোজৰাজ শেঠ সভাঘৰত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত প্ৰকাশন শাখাই প্ৰকাশ কৰা মুঠ চাৰিখন গ্ৰন্থ উন্মোচিত হয়। বিশিষ্ট ভূতত্ত্ববিদ ড° যোগেন্দ্ৰনাথ শৰ্মাৰদ্বাৰা সম্পাদিত আৰু অসমৰ ঊনৈশগৰাকী বিশিষ্ট লেখকৰ লেখাৰে সমৃদ্ধ আঠশৰো অধিক পৃষ্ঠাৰ 'বিজ্ঞানৰ ইতিহাস' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য তথা বুৰঞ্জীবিদ ড° জাহ্নবী গগৈয়ে।

ডিব্ৰুগড় বিশ্ববিদ্যালয় পদাৰ্থবিজ্ঞানৰ সহকাৰী অধ্যাপক তথা লেখক ড° প্ৰবালজ্যোতি ফুকনে প্ৰণয়ন কৰা 'সৰ্বসমীক্ষা তত্ত্ব' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট বিজ্ঞানী তথা জনবোধ্য বিজ্ঞান লেখক ড° পৰমানন্দ মহন্তই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড° বাৰীন্দ্ৰকুমাৰ শৰ্মাই প্ৰণয়ন কৰা 'শ্ৰীনিবাস ৰামানুজন' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট গণিতজ্ঞ ড° গোপালচন্দ্ৰ হাজৰিকাই।

বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে আঁত ধৰা অনুষ্ঠানটিৰ আদৰণি ভাষণ আগবঢ়ায় ড° যোগেন্দ্ৰনাথ শৰ্মাই। অনুষ্ঠানটিত বিশিষ্ট লেখক ড° পল্লৱী ডেকা বুজৰবৰুৱা, লেখক-অনুবাদক ড° কল্যাণ ভূঞা, লেখক ক্ৰমে ড° টিকেন্দ্ৰজিৎ গগৈ, ড° তাপস কুমাৰ গোস্বামী, ড° প্ৰবালজ্যোতি ফুকন আৰু ড° বুলুমণি কলিতায়ো বক্তব্য ৰাখে। প্ৰকাশন বিষয়া ভাগৱতীয়ে অনুষ্ঠানটিৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে অনুষ্ঠানৰ শেষত শলাগৰ শৰায়ো আগবঢ়ায়।

Also Read: শোকাৱহ! কি কাৰণে প্ৰেমিক-প্ৰেমিকাই ল'লে চৰম সিদ্ধান্ত