এই সময়খিনিত পাৰিলে নচলাব গাড়ী, সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হয় এই সময়তে...

এই সময়খিনিত পাৰিলে নচলাব গাড়ী, সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হয় এই সময়তে...
এই সময়খিনিত পাৰিলে নচলাব গাড়ী, সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হয় এই সময়তে...

ডিজিটেল ডেস্কঃ শীতৰ প্ৰকোপ যিমানেই বৃদ্ধি পাই, কুঁৱলী আস্বাদনে যিমানেই ঢাকি ধৰে সিমানেই পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি হয়। বিশেষকৈ ডিচেম্বৰ, জানুৱাৰী মাহত পথ দুৰ্ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰে।

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনে পথ দুৰ্ঘটনা সম্পৰ্কে এক নতুন তথ্য পোহৰলৈ আনিছে। ভাৰতৰ ৰাজপথত কোনখিনি সময়ত অধিক পত দুৰ্ঘটনা সংঘটিত হয় বা কোনখিনি সময় বিপদজনক সেই তথ্য প্ৰকাশ হোৱা এই প্ৰতিবেদনখন প্ৰকাশ কৰিছে দেশৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে

সেই অনুসৰি ২০২১ চনত ভাৰতত পথ দুৰ্ঘটনা আটাইতকৈ বেছি হোৱাৰ সময় হৈছে বিয়লি ৩ বজাৰ পৰা ৯ বজাৰ মাজৰ সময়খিনি। সন্ধিয়াৰ সময়খিনিত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য নথিভু্ক্ত হৈছে।

ইয়াৰ বিপৰীতে পুৱা ১২ বজাৰ পৰা ৬ বজাৰ মাজৰ সময়ছোৱাত আটাইতকৈ কম দুৰ্ঘটনা সংঘটিত হয়। প্ৰতিবেদনখনত কোৱা হৈছে, ২০২১ চনত সন্ধিয়া ৬ বজাৰ পৰা নিশা ৯ বজাৰ ভিতৰত সময়ৰ ব্যৱধানত সৰ্বাধিক সংখ্যক পথ দুৰ্ঘটনা নথিভুক্ত কৰা হৈছিল। যি হৈছে দেশৰ মুঠ দুৰ্ঘটনাৰ ২০.৭ শতাংশ।

প্ৰতিবেদন অনুসৰি, দিনটোৰ দ্বিতীয় সৰ্বাধিক সময়ৰ ব্যৱধান আছিল আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত। যি হৈছে পথ দুৰ্ঘটনাৰ ১৭.৮ শতাংশ। শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে, আবেলি আৰু সন্ধিয়া দেশৰ ৰাজপথৰ আটাইতকৈ বিপদজনক সময়।

যোৱা ৫ টা বছৰৰ তথ্য অনুসৰি পুৱা ১২ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত আটাইতকৈ কম দুৰ্ঘটনা দেখা গৈছে। উল্লেখ্য যে, ২০২১ চনত দেশত মুঠ ৪,১২,৪৩২ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল। ইয়াৰ ভিতৰত সন্ধিয়া ৬ বজাৰ পৰা ৯ বজাৰ ভিতৰত সৰ্বাধিক ৮৫,১৭৯ টা পথ দুৰ্ঘটনা (২০.৭ শতাংশ) সংঘটিত হৈছিল।

আনহাতে সন্ধিয়া ৩ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত ৭৩,৪৬৭ টা দুৰ্ঘটনা (১৭.৮ শতাংশ) সংঘটিত হৈছিল। ২০২১ চনত পথ দুৰ্ঘটনাৰ সন্দৰ্ভত মাহ বিশ্লেষণে দেখুৱাইছিল যে জানুৱাৰী মাহত সৰ্বাধিক সংখ্যক দুৰ্ঘটনা নথিভুক্ত কৰা হৈছিল।

তাৰ পিছত ডিচেম্বৰ, নৱেম্বৰ আৰু অক্টোবৰ। ২০২১ চনৰ জানুৱাৰীত মুঠ ৪০,৩০৫ টা দুৰ্ঘটনা সংঘটিত হৈছিল য'ত ১৪,৫৭৫ জন লোক নিহত হৈছিল, তথ্যত কোৱা হৈছে।

ক্লিক কৰি পঢ়কঃ কেলেংকাৰীত জড়িত সোণতলী মহাবিদ্যালয়ৰ অধ্যক্ষকক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in