কেলেংকাৰীত জড়িত সোণতলী মহাবিদ্যালয়ৰ অধ্যক্ষকক আটক...

কেলেংকাৰীত জড়িত সোণতলী মহাবিদ্যালয়ৰ অধ্যক্ষকক আটক...

author-image
Asomiya Pratidin
New Update
কেলেংকাৰীত জড়িত সোণতলী মহাবিদ্যালয়ৰ অধ্যক্ষকক আটক...

কেলেংকাৰীত জড়িত সোণতলী মহাবিদ্যালয়ৰ অধ্যক্ষকক আটক...

ডিজিটেল ডেস্কঃ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ অভিযোগত পুনৰ এগৰাকী অধ্যক্ষক আটক কৰা ঘটনাই চাঞ্চল্য সৃ্ষ্টি কৰিছে। এইবাৰ ছাত্ৰ বৃত্তিৰ কেলেংকাৰীত জড়িতৰ অভিযোগত সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষক আটক কৰে আৰক্ষীয়ে।

উল্লেখ্য যে শিক্ষাৰ্থীৰ ধন পৰিকল্পিত ভাৱে অন্য লোকৰ একাউণ্টলৈ প্ৰেৰণ কৰিছিল অধ্যক্ষগৰাকীয়ে। আটকাধীন অধ্যক্ষগৰাকীৰ নাম আব্দুল কালাম আজাদ। তেওঁৰ লগতে মহাবিদ্যালয়খনৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৰবিউল হুছেইনকো আটক কৰা হৈছে।

ছাত্ৰ বৃত্তিৰ উপৰিও অধ্যক্ষ আব্দুল কালাম আজাদৰ ওপৰত আছে আন্তঃগাঁথনিৰ ধন আত্মসাতৰ অভিযোগ। মহাবিদ্যালয়খনৰ প্ৰায় ৩৬ লাখ টকা আত্মসাতৰ অভিযোগ আব্দুল কালাম আজাদৰ বিৰুদ্ধে।

ক্লিক কৰি পঢ়কঃ আমবাগানত অবৈধ কাঠ ভৰ্তি বাহন জব্দ...

সোণতলী আঞ্চলিক মহাবিদ্যালয়