নাকেৰে টাইপ কৰি গঢ়া গীনিজ ৰেকৰ্ড ভংগ কৰিলে এইজন ভাৰতীয়ই...

নাকেৰে টাইপ কৰি গঢ়া গীনিজ ৰেকৰ্ড ভংগ কৰিলে এইজন ভাৰতীয়ই...

ডিজিটেল ডেস্ক : এজন ভাৰতীয় ব্যক্তিয়ে নাকেৰে ইংৰাজী বৰ্ণমালা টাইপ কৰি গঢ়া গীনিজ নিজেই ভংগ কৰিছে। তৃতীয়বাৰৰ বাবে গীনিজ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে এইগৰাকী ভাৰতীয়ই। ২০২৩ চনত মাত্ৰ ২৭.৮০ চেকেণ্ডৰ ভিতৰত নাকেৰে ইংৰাজী বৰ্ণমালা টাইপ কৰি গঢ়িছিল গীনিজ বুক অৱ ৰেক’ৰ্ডছ।

গীনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা এইগৰাকী ভাৰতীয়ৰ নাম হৈছে ৪৪ বছৰীয়া বিনোদ কুমাৰ চৌধুৰী। তেঁও একেৰাহে ৩বাৰকৈ নিজেই গঢ়া ৰেক’ৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে একেটা বছৰতে বিনোদ কুমাৰ চৌধুৰীয়ে ৩টাকৈ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছিল। পূৰ্বে গঢ়া ৰেকৰ্ডৰ উপৰি এইবাৰ তেঁও মাত্ৰ ২৫.৬৬ ছেকেণ্ডত ইংৰাজী বৰ্ণমালাখন নাকেৰে টাইপ কৰি আন এক গীনিজ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।

এই সন্দৰ্ভত তেঁও সামাজিক মাধ্যমযোগে গীনিজ কৰ্তৃপক্ষলৈ নাকেৰে টাইপ কৰা ভিডিঅ’ প্ৰেৰণ কৰে। তেঁওৰ এই সাফল্যৰ বাবে গীনিজ কৰ্তৃপক্ষই "টাইপিং মেন অৱ ইণ্ডিয়া" বুলি অভিহিত কৰিছে।

বিনোদ কুমাৰ চৌধুৰীয়ে এই সম্পৰ্কে কয় "মোৰ বৃত্তিটো টাইপিঙৰ লগত জড়িত। সেয়েহে মই ইয়াত এটা অভিলেখ গঢ়িবলৈ মনতে চিন্তা কৰিছিলোঁ।  য'ত মোৰ আবেগ আৰু জীৱিকা দুয়োটাই টাইপিঙৰ সৈতে যুক্ত হৈ আছে।"

উল্লেখযোগ্য যে চৌধুৰীয়ে নিজৰ ৰেকৰ্ড ভাঙিবলৈ ঘন্টাৰ পিছত ঘণ্টা অনুশীলন কৰিব লগা হৈছিল। পৰ্যাপ্ত অনুশীলনৰ দ্বাৰা এই কাৰ্য সম্ভৱ হৈ উঠা বুলি তেঁও মন্তব্য কৰে।

নাকেৰে টাইপ কৰি গঢ়া গীনিজ ৰেকৰ্ড ভংগ কৰিলে এইজন ভাৰতীয়ই...
গীতে-মাতে জীপাল ওদালগুৰি জিলা কোচ-ৰাজবংশী সন্মিলনীৰ কৃতিমানৰ সম্বৰ্ধনাথলী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in