গীতে-মাতে জীপাল ওদালগুৰি জিলা কোচ-ৰাজবংশী সন্মিলনীৰ কৃতিমানৰ সম্বৰ্ধনাথলী

গীতে-মাতে জীপাল ওদালগুৰি জিলা কোচ-ৰাজবংশী সন্মিলনীৰ কৃতিমানৰ সম্বৰ্ধনাথলী

author-image
Asomiya Pratidin
New Update
গীতে-মাতে জীপাল ওদালগুৰি জিলা কোচ-ৰাজবংশী সন্মিলনীৰ কৃতিমানৰ সম্বৰ্ধনাথলী

ডিজিটেল সংবাদ,ওদালগুৰি : গীতে-মাতে জীপাল ওদালগুৰি জিলা কোচ-ৰাজবংশী সন্মিলনীৰ কৃতিমানৰ সম্বৰ্ধনাথলী। ওদালগুৰি জিলা কোচ ৰাজবংশী মূল আৰু মহিলা সমিলনীৰ উদ্যোগত আৰু ধনশিৰি আঞ্চলিক কোচ-ৰাজবংশী মূল, মহিলা সম্মিলনীৰ সহযোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা জিলাখনৰ ৬০ গৰাকী শিক্ষার্থীক সম্বৰ্ধনা জনোৱা হয়।

Advertisment

ওদালগুৰি জিলাৰ ধনশ্রীঘাটৰ চিলাৰায় ভৱন প্ৰাঙ্গণত অনুষ্ঠিত হয় এই সভা। উচ্চতৰ মাধ্যমিকত সফলতাৰে উত্তীর্ণ হোৱা ৩৪ গৰাকী কৃৰ্তি শিক্ষাৰ্থীৰ লগতে উচ্চ মাধ্যমিকত সফলতাৰে উত্তীর্ণ হোৱা ২৬ গৰাকী শিক্ষার্থীক জনোৱা হয় সম্বৰ্ধনা।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱ আৰু মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো ৷ নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি টংলা উচ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড০ দিলীপ বৰুৱাই মনোগ্ৰাহী ভাষণেৰে সকলোকে আল্পুত কৰে।

Also Read: মনহাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু গোনা ম'হৰ

udalguri