প্ৰথমে ৰে'লৰ ইঞ্জিন, এইবাৰ ৰে'ল লাইন চুৰি বিহাৰত !

প্ৰথমে ৰে'লৰ ইঞ্জিন, এইবাৰ ৰে'ল লাইন চুৰি বিহাৰত !

ডিজিটেল ডেস্ক : অপৰাধীৰ ৰম্যভূমি বিহাৰ । প্ৰতিদিনেই এক নতুন অপৰাধ সংঘটিত হৈ আহিছে ৰাজ্যখনত । কেৱল অপৰাধৰ সংখ্যাই নহয় বৰং অপৰাধৰ ধৰণ আৰু প্ৰকৃতিও আচৰিত আৰু কিছুৰ বাবে আমোদজনকো । তেনে এক ঘটনাই পুনৰ সংঘটিত হ'ল বিহাৰত । প্ৰথমে ৰে'লৰ ইঞ্জিন আৰু এইবাৰ ২ কিলোমিটাৰজোৰা ৰে'ল লাইনৰ ট্ৰেক চুৰি হ'ল বিহাৰৰ সমষ্টিপুৰত । ঘটনাৰ সৈতে জড়িত দুগৰাকী ৰে'লৱে কৰ্মচাৰীক ইতিমধ্যে নিলম্বনো কৰা হ'ল চাকৰিৰ পৰা ।

এই ঘটনা ৰাজহুৱা কৰা হৈছিল চলিত বৰ্ষৰেই ২৪ জানুৱাৰীত । অৱশ্যে সম্ভেদ উলিয়াব পৰা নাছিল কোনো দুৰ্বৃত্তকাৰীৰ । ঘটনা সন্দৰ্ভত অধিক অনুসন্ধান কৰাৰ পাছতহে দ ধৰা পৰিল ৰে'লৱে কৰ্মী দুগৰাকী জড়িত থকাৰ কথা ।

কেৱল এয়াই নহয় বৰং ২ কিলোমিটাৰ জোৰা ৰে'ল লাইনৰ ট্ৰেক চুৰি কৰি নিলামো কৰে অপৰাধী সকলে । তেতিয়ালৈকে একোৱেই গম পোৱা নাছিল বিহাৰ আৰক্ষীয়ে ।

উল্লেখ্য যে, বিহাৰত এয়াই প্ৰথম এনে ধৰণৰ অপৰাধ নহয় । ইয়াৰ পূৰ্বেও জিঅ'ৰ টাৱাৰ পৰ্যন্ত চুৰি হৈছিল বিহাৰত । অপৰাধীৰ ৰম্যভূমি বিহাৰত এতিয়া সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ চৰকাৰ আৰু আৰক্ষী প্ৰশাসন । এতিয়া প্ৰশ্ন হয়, কোনো পৰিস্থিতিত এই সকল অপৰাধী আন কোনো ৰাজ্য যেনে উত্তৰ পূৰ্বাঞ্চললৈ যদি মন মেলে তেন্তে সুৰক্ষিত থাকিব নে ৰাইজ ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in