হঠাৎ কি হ'ল গুৱাহাটীত ? চকুৰে একো মনিব নোৱাৰা এক পৰিৱেশ...

হঠাৎ কি হ'ল গুৱাহাটীত ? চকুৰে একো মনিব নোৱাৰা এক পৰিৱেশ...
হঠাৎ কি হ'ল গুৱাহাটীত ? চকুৰে একো মনিব নোৱাৰা এক পৰিৱেশ...

ডিজিটেল ডেস্কঃ হঠাৎ সলনি হ'ল গুৱাহাটীৰ আকাশ। গুৱাহাটীৰ আকাশত কেৱল ধুলিৰ আস্বাদন। চকুৰে একোকে মনিব নোৱোৰা এক অৱস্থা। চাৰিওফালে বায়ু প্ৰদূষণৰ এক ভয়াৱহ ছবি।

বুধবাৰে পুৱা গুৱাহাটীৰ প্ৰদূষিত বায়ুৰ সন্দৰ্ভত এক বাতৰি প্ৰকাশ কৰাৰ মাত্ৰ কেইটামান সময়ৰ পিছতে হঠাৎ গুৱাহাটীৰ আকাশত দেখিবলৈ পোৱা গ'ল পৰিৱৰ্তন। পুৱা প্ৰদূষিত বায়ুৱে কুঁৱলি সদৃশ এক আৱৰণেৰে গুৱাহাটীক ঢাকি ৰখাৰ বিপৰীতে এতিয়া কেৱল আকাশত বতাহৰ লগত উৰিছে ধুলি।

বাহিৰলৈ ওলাই উশাহ ল'ব নোৱাৰা এক পৰিৱেশ। কথা প্ৰসংগত বহুজনে উশাহ লোৱাত কষ্ট পোৱাৰ কথাও অৱগত কৰিছে। উল্লেখ্য যে, আজি পুৱাৰ ভাগত গুৱাহাটীৰ এয়াৰ কুৱালিটি ইণডেক্সে ৩৫০ অতিক্ৰম কৰিছিল।

লাহে লাহে সময় বাগৰাৰ লগে লগে হঠাৎ প্ৰায় ৩ বজাৰ পৰা গুৱাটীত একো মনিব নোৱাৰাৰ এক পৰিস্থিতিৰ সূচনা হৈছে। এনে পৰিস্থিতিত গুৱাহাটীবাসীয়ে কিদৰে বাহিৰলৈ ওলাই আহিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

ইফালে বায়ু প্ৰদূষণৰ সমান্তৰালকৈ বিভিন্ন ৰোগেও দেখা দিছে। হাস্পতালত ভৰ্তি হৈছে এনে বহু ৰোগী। ইফালে হঠাৎ সৃষ্টি হোৱা এনে পৰিস্থিতিত চিকিৎসাৰ বাবে ওলাই অহা লোকসকলক লৈও চিন্তিত হৈ পৰিছে বহুজন।

হঠাৎ কি হ'ল গুৱাহাটীত ? চকুৰে একো মনিব নোৱাৰা এক পৰিৱেশ...
৭ জুলাইৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in