"২০২৪ ৰ নিৰ্বাচনত জনতা বনাম বিজেপিৰ মাজত নিৰ্বাচনী যুঁজ হ’ব"

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সোমবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকত মিলিত হৈ মমতা বেনাৰ্জীৰ বিষয়ে মন্তব্য প্ৰকাশ কৰি কয় তেওঁৰ কোনোধৰণৰ অহংকাৰ নাই । লগতে পৰৱৰ্তী নিৰ্বাচনক লৈ বৈঠকৰ অন্তত তেওঁলোকে কয় যে ২০২৪ ৰ নিৰ্বাচনত জনতা বনাম বিজেপিৰ মাজত নিৰ্বাচনী যুঁজ হ’ব ।

author-image
Asomiya Pratidin
New Update
"২০২৪ ৰ নিৰ্বাচনত জনতা বনাম বিজেপিৰ মাজত নিৰ্বাচনী যুঁজ হ’ব"

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সোমবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকত মিলিত হৈ মমতা বেনাৰ্জীৰ বিষয়ে মন্তব্য প্ৰকাশ কৰি কয় তেওঁৰ কোনোধৰণৰ অহংকাৰ নাই । লগতে পৰৱৰ্তী নিৰ্বাচনক লৈ বৈঠকৰ অন্তত তেওঁলোকে কয় যে ২০২৪ ৰ নিৰ্বাচনত জনতা বনাম বিজেপিৰ মাজত নিৰ্বাচনী যুঁজ হ’ব ।

Advertisment

মমতাৰ সৈতে মিলিত হোৱা বৈঠকৰ অন্তত মমতাৰ সম্পৰ্কত কয় যে মমতাই সকলো বিৰোধী ঐক্যবদ্ধ হোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধা নাই বুলিও মন্তব্য কৰিছে । মমতাই আজিৰ বৈঠকৰ অন্তত কয় যে, বিহাৰৰ পৰাই জয়প্ৰকাশ নাৰায়ণৰ যাত্ৰা আৰম্ভ হৈছে । মই নীতিশ কুমাৰক মাত্ৰ এটা অনুৰোধ কৰিছো বিহাৰত যদিহে বিৰোধী একগোট হয় হয় তেনেহ’লে আমি প্ৰথমেই জনতাক এক বাৰ্তা প্ৰেৰণ কৰিব পাৰিব লাগিব যে আমি ঐক্যবদ্ধ । লগতে নেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মই বিছাৰো বিজেপি শূন্য হওঁক ।

তদুপৰি বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নীতিশ কুমাৰৰ দলৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰস্তাৱিত "এখন আসন এজন প্ৰাৰ্থী"ৰ শ্ল’গান সন্দৰ্ভত তেওঁ কয় যে যদি চিন্তা, দৃষ্টি আৰু মিছন স্পষ্ট হয়, তেন্তে বিজেপিক নিৰ্বাচনত পৰাজয় কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ সমস্যা নহ’ব বুলিও মন্তব্য প্ৰকাশ কৰিছে।

ইয়াৰ উপৰিও নীতিশ কুমাৰে কয় যে তেওঁলোকে পৰৱৰ্তী নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত আজিৰ বৈঠকত মিলিত হয় । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে শাসনাধীন বিজেপি চৰকাৰক কটাক্ষ কৰি কয় যে যিসকলে বৰ্তমানে শাসনত আছে তেওঁলোকে একো কাম কৰা নাই । তেওঁলোকে মাত্ৰ প্ৰচাৰ কৰি আছে বুলিও মন্তব্য প্ৰদান কৰে । দেশৰ উন্নয়নৰ হকে একো কাম কৰা নাই ।

Also Read: দিল্লীত শ্ৰমিকৰ বাবে হোষ্টেল, ল'ৰা-ছোৱালীৰ বাবে ফ্ৰী কোচিং...

West Bengal Chief Minister Mamata Banerjee nitish kumar Tejashwi Yadav