দিল্লীত শ্ৰমিকৰ বাবে হোষ্টেল, ল'ৰা-ছোৱালীৰ বাবে ফ্ৰী কোচিং...

দিল্লীত শ্ৰমিকৰ বাবে হোষ্টেল, ল'ৰা-ছোৱালীৰ বাবে ফ্ৰী কোচিং...

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে শ্ৰম বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকতে তেওঁ শ্ৰমিক সকলৰ বাবে ঘৰ-হোষ্টেলৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰী গৰাকীৰ কাৰ্যালয়ৰ পৰা কৰা এটা টুইট কৰি ইয়াৰ বিষয়ে জনায়। এই বৈঠকত নিম্নলিখিত বিষয়বোৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়-

  • সকলো শ্ৰমিকক বাছত বিনামূলীয়া ভ্ৰমণৰ বাবে বছৰি ডিটিচি (দিল্লী পৰিবহন নিগম) ৰ পাছ দিয়া হ'ব।

  • শ্ৰমিক সকলৰ বাবে ঘৰ বা হোষ্টেলৰ ব্যৱস্থা কৰা।

  • সকলো শ্ৰমিকৰ ল'ৰা-ছোৱালীৰ বাবে ফ্ৰী কোচিঙৰ ব্যৱস্থা কৰা।

  • সকলো শ্ৰমিকক ইএছআই আঁচনি আৰু গ্ৰুপ বীমা দিয়া হ'ব ।

  • সকলো শ্ৰমিকক টুলকিট দিয়া হ'ব । লগতে তেওঁলোকৰ বাবে বৃহৎ পৰিমাণে দক্ষতা বিকাশ কাৰ্যসূচী চলোৱা হ'ব।

দিল্লীত শ্ৰমিকৰ বাবে হোষ্টেল, ল'ৰা-ছোৱালীৰ বাবে ফ্ৰী কোচিং...
'ইডি' লাগিলে সলনি হয় কাল!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in