দিল্লীত কেব সেৱাৰ ক্ষেত্ৰত আহিব বৃহৎ পৰিৱৰ্তন,মুখ্যমন্ত্ৰী কেজৰিৱালে জনালে সংবাদ মাধ্যমক

অৱশ্য বিবৃতি অনুসৰি উক্ত আঁচনিখন পৰিবহন বিভাগৰ দ্বাৰা ৰাজহুৱা মতামত আৰু মন্তব্যৰ বাবে ৰখা হ'ব

author-image
Asomiya Pratidin
New Update
তিহাৰ জে'লতে কেজৰিৱালক গ্ৰেপ্তাৰ CBIৰ...

ডিজিটেল ডেস্কঃ বিভিন্ন সংস্থাৰ দ্বাৰা পৰিচালিত কেব অথবা ডেলিভাৰী সেৱাসমূহৰ সেৱাকলৈ প্ৰায়ে সচেতন গ্ৰাহকে অভিযোগ দিয়ে। সময়ৰ প্ৰতি দায়িত্বহীনতা,গ্ৰাহকৰ প্ৰতি দুৰ্বব্যহাৰ আদি কাৰণত দিল্লী চৰকাৰে এইসমূহ সেৱাৰ বাবে নতুন নীতিৰ আঁচনি নিৰ্ধাৰণ কৰে।

Advertisment

বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ডেলিভাৰী সেৱাৰ বাহন আৰু কেব সেৱাৰ টেক্সিসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে নতুন নীতি প্ৰস্তুত কৰে। অৱশ্যে উল্লেখিত কাৰণ সমূহৰ উপৰিও ইন্ধন চালিত বাহনে অত্যাধিক পৰিমাণৰ প্ৰদূষণ কৰে। পৰিসংখ্যাৰ দিশৰ পৰা ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে দিল্লী আগস্থানত।

সেয়ে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰখনে প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখিও উক্ত আঁচনিখন প্ৰস্তুত কৰে। অৱশ্য বিবৃতি অনুসৰি উক্ত আঁচনিখন পৰিবহন বিভাগৰ দ্বাৰা ৰাজহুৱা মতামত আৰু মন্তব্যৰ বাবে ৰখা হ'ব। তাৰ পাছত হে কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব।

এই নীতিৰ আধাৰত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিদ্যুৎ চালিত বাহনৰ ব্যৱহাৰক প্ৰাধান্য দিবলৈ আহ্বান জনাইছে। য'ত কেৱল দুচকীয়া বাহনেই নহয় বৰং চাৰিচকীয়া বাহনসমূহো পৰৱৰ্তী পৰ্যায়ত কেব সেৱাত বিদ্যুত চালিত হে হ'ব।

Also Read: টুপিয়া পাঁচ গাঁও বহাগী মেলাৰ সোণালী জয়ন্তী সমাৰোহত জী- জোৱাই সন্মিলন সম্পন্ন

arvind kejriwal