টুপিয়া পাঁচ গাঁও বহাগী মেলাৰ সোণালী জয়ন্তী সমাৰোহত জী- জোৱাই সন্মিলন সম্পন্ন

টুপিয়া পাঁচ গাঁও বহাগী মেলাৰ সোণালী জয়ন্তী সমাৰোহত জী- জোৱাই সন্মিলন সম্পন্ন

author-image
Asomiya Pratidin
New Update
টুপিয়া পাঁচ গাঁও বহাগী মেলাৰ সোণালী জয়ন্তী সমাৰোহত জী- জোৱাই সন্মিলন সম্পন্ন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়া পাঁচ গাঁও বহাগী মেলাৰ সোণালী জয়ন্তী সমাৰোহ উপলক্ষে বুধবাৰৰ তৃতীয় দিনাৰ কাৰ্য্যসূচীত জী-জোঁৱাই সন্মিলন অনুষ্ঠিত হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা টুপিয়া পাঁচ গাঁৱৰ জীয়াৰী সকলক তেওঁলোকৰ জোৱাই সকলৰ সৈতে উদযাপন সমিতিয়ে আমন্ত্ৰণ জনাই আজি সোণালী জয়ন্তী সমাৰোহৰ মঞ্চত বিপুল সম্বোৰ্ধনা জ্ঞাপন কৰি এক ইতিহাস ৰচনা কৰে ৷

Advertisment

প্ৰায় চাৰি কুৰিৰো অধিক জী- জোৱাইক অসমীয়া জাতীয় স্বাভিমান ফুলাম গামোছা আৰু একোটাকৈ স্মাৰক প্ৰদান কৰি উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে সোণালী জয়ন্তী সমাৰোহ উদযাপন সমিতিয়ে ।টুপিয়া পাঁচগাঁও বহাগী মেলাৰ সোঁনালী জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নিতুমনি বৰাৰ সঞ্চালনাত অনুষ্ঠিত জী - জোঁৱাই সন্মিলন শুভ উদ্বোধন কৰে টুপীয়া অঞ্চলৰ মৌজাদাৰ তথা জেষ্ঠ সমাজকৰ্মী হেৰম্ব ভাগৱতীয়ে।

আনহাতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি নিশা অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী আচুৰ্য্য বৰপাত্ৰ গোহাঁয়ে সংগীত পৰিবেশন কৰিব বুলিও জানিবলৈ দিছে উদযাপন সমিতিয়ে৷

Also Read: চিকিৎসক দম্পত্তীৰ শিশু নিৰ্যাতন কাণ্ড, গ্ৰেপ্তাৰ সাংবাদিক