মমতাই বংগত নিষিদ্ধ কৰিলে 'দ্যা কেৰালা ষ্টৰী'...

মমতাই বংগত নিষিদ্ধ কৰিলে 'দ্যা কেৰালা ষ্টৰী'...
মমতাই বংগত নিষিদ্ধ কৰিলে 'দ্যা কেৰালা ষ্টৰী'...

ডিজিটেল ডেস্কঃ চিনেমা মনোৰঞ্জনৰ এক মাধ্যম যদিও এতিয়া যেন চিনেমাও হৈ পৰিল ৰাজনৈতিক মুনাফা আদায়ৰ এক মাধ্যম ! সময়ে সময়ে কিছুমান ঘটনাৰাজিয়ে সেই কথাক প্ৰমাণ কৰি আহিছে।

'দ্যা কাশ্মীৰ ফাইলছ'ক লৈ দেশজুৰি বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পাছত এইবাৰ বিতৰ্কৰ সৃষ্টি কৰিছে 'দ্যা কেৰালা ষ্টৰী'য়ে। শাসকীয় বিজেপি দলৰ নেতা, পালিনেতাই 'দ্যা কাশ্মীৰ ফাইলছ'ৰ সন্দৰ্ভত যেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল ঠিকে একেই ভূমিকা গ্ৰহণ কৰিছে 'দ্যা কেৰালা ষ্টৰী'ৰ সন্দৰ্ভতো।

কিন্তু তাৰ মাজতে বিৰোধী ৰাজনৈতিক দলসমূহে এই চিনেমাখনৰ বিৰোধিতা কৰি আহিছে। এনে বিতৰ্কৰ মাজতেই এই 'দ্যা কেৰালা ষ্টৰী' ছবিখন এইবাৰ পশ্চিমবংগত নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

এই সন্দৰ্ভত তেওঁ ক'লে ৰাজ্য চৰকাৰে কোনো কাৰণতে ঘৃণা সহ্য নকৰে। চৰকাৰৰ মূল্য উদ্দেশ্য হৈছে শান্তি বজাই ৰখা। সেয়েহে ৰাজ্যত 'দ্যা কেৰালা ষ্টৰী' নিষিদ্ধ কৰা হৈছে।

মমতা বেনাৰ্জীৰ মতে এই বিতৰ্কিত চিনেমাখনত ইতিহাস বিকৃত কৰি প্ৰচাৰ কৰা হৈছে। তেওঁৰ মতে, 'দ্যা কাশ্মীৰ ফাইলছ'ৰ পাছত নিৰ্মাণ কৰা এই চিনেমাখনত ইতিহাস বিকৃত কৰা হৈছে। পৰৱৰ্তী সময়ত হয়তো কোনোবাই এইদৰেই বিকৃত ৰূপত বেংগল ফাইলছো নিৰ্মাণ কৰিব।

উল্লেখ্য যে, কেৰালাত ধৰ্মান্তকৰণ আৰু উগ্ৰপন্থীৰ সংযোগৰ কাহিনীক লৈ নিৰ্মাণ কৰা এই চিনেমাখন যোৱা ৫ মে'ত মুক্তি লাভ কৰিছিল। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই স্থিতিৰ বিপৰীতে অৱশ্যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই চিনেমাখন চাব বুলি আজি প্ৰকাশ কৰিছে।

তেওঁ অহা ১১ মে'ত ছবি গৃহলৈ গৈ উপভোগ কৰিব 'দ্যা কেৰালা ষ্টৰী'। তেওঁৰ লগত এই চিনেমাখন উপভোগ কৰিবলৈ যাব কেবিনেট সতীৰ্থ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল। অৱশ্যে তেওঁ চিনেমাখনৰ প্ৰচাৰ নচলায় বুলিও স্পষ্ট কৰি দিছে।

মমতাই বংগত নিষিদ্ধ কৰিলে 'দ্যা কেৰালা ষ্টৰী'...
বৰদলৈৰ পৰা গগৈলৈ চৰকাৰৰ ঋণ আছিল ৪১ হাজাৰ কোটিঃ হিমন্ত চৰকাৰে দুবছৰত ল'লে ৪২ হাজাৰ কোটিৰো অধিক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in