বৰদলৈৰ পৰা গগৈলৈ চৰকাৰৰ ঋণ আছিল ৪১ হাজাৰ কোটিঃ হিমন্ত চৰকাৰে দুবছৰত ল'লে ৪২ হাজাৰ কোটিৰো অধিক...

বৰদলৈৰ পৰা গগৈলৈ চৰকাৰৰ ঋণ আছিল ৪১ হাজাৰ কোটিঃ হিমন্ত চৰকাৰে দুবছৰত  ল'লে ৪২ হাজাৰ কোটিৰো অধিক...
বৰদলৈৰ পৰা গগৈলৈ চৰকাৰৰ ঋণ আছিল ৪১ হাজাৰ কোটিঃ হিমন্ত চৰকাৰে দুবছৰত ল'লে ৪২ হাজাৰ কোটিৰো অধিক...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা কিমান টনকিয়াল? মাজে মাজে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাক লৈ চৰ্চা হয় যদিও সেই চৰ্চাই বিশেষ প্ৰাধান্য লাভ নকৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি চৰকাৰখনৰ একাংশ মন্ত্ৰীয়ে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ বুলিয়েই দোহাৰি আহিছে।

এই তালিকাখনত শেহতীয়াকৈ নাম সংযোজন হৈছে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাৰ। এইসকল নেতাৰ মতে ৰাজ্যৰ অৰ্থনীতি বৰ্তমান সুস্থিৰ।

এটাৰ পাছত আন এটা বিনামূলীয়া আঁচনি, লাখ লাখ হিতাধিকাৰী সৃষ্টিত অধিক গুৰুত্ব দিয়া চৰকাৰখনৰ কাম-কাজলৈ লক্ষ্য কৰিলে যেনেকৈ ৰাজ ভঁড়াল টনকিয়াল হৈ থকাৰ দৰে লাগে ঠিক তেনেকৈয়ে চৰকাৰখনৰ আন কিছু নিৰ্দেশনা আৰু কাম-কাজে ভগ্ন অৰ্থনীতিৰ প্ৰকৃত স্বৰূপ উন্মোচিত কৰে।

ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ বুলি কৈ অহা এই চৰকাৰখন আজিৰ তাৰিখত মুঠ ঋণৰ পৰিমাণ ১ লাখ ৩৩ হাজাৰ ২৭৩ কোটি টকা। অৰ্থাৎ আজিৰ তাৰিখত অসমৰ প্ৰতিজন ব্যক্তিৰ মূৰত আছে ৪০ হাজাৰ ৩৮৫ টকা।

আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে দলটোৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি এই সন্দৰ্ভত তথ্য সহকাৰে সবিস্তাৰে প্ৰকাশ কৰিছে। ১৯৪৭ চনৰ স্বাধীনতাৰ পাছৰ পৰা গোপীনাথ বৰদলৈৰ পৰা তৰুণ গগৈ চৰকাৰৰ শেষৰটো কাৰ্যকালৰ শেষৰটো বছৰলৈ ২০১৬ লৈ অৰ্থাৎ ৬৯ বছৰত অসম চৰকাৰৰ মুঠ ঋণ আছিল ৪১ হাজাৰ ৯৬৪ কোটি টকা।

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ১১ বছৰীয়া কাৰ্যকালত অসম চৰকাৰে ঋণ লৈছিল মুঠ ২৪ হাজাৰ ৯২১ কোটি টকা। ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল চৰকাৰে মাত্ৰ ৫ বছৰত ঋণ লৈছিল ৪৮ হাজাৰ ৮০১ কোটি টকা।

এইসকলো চেৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে মাত্ৰ দুটা বছৰতে ল’লে ৪২ হাজাৰ ৫০৮ কোটি টকা। ইয়াৰোপৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত অসম চৰকাৰে ২৫ হাজাৰ ৫২ কোটি টকা ঋণ লোৱাৰ কথা ইতিমধ্যে বাজেটত ঘোষণা কৰিছে।

চলিত বছৰৰ এপ্ৰিলৰ পৰা এতিয়ালৈকে মাত্ৰ দুটা মাহতে লৈছে ২ হাজাৰ কোটি টকাৰ ঋণ। এয়াই আজিৰ তাৰিখত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰকৃত ছবি। এই সন্দৰ্ভত বিধায়ত অখিল গগৈয়ে কয়, ঋণ ল'লেই এখন ৰাজ্যৰ উন্নয়ণৰ কথা নুবুজায়।

তেওঁ কয়, অসমে ৰাজহ আহৰণ কৰিব পৰা নাই। এইবাৰৰ বাজেটৰ মতে অসমৰ মুঠ ৰাজহৰ ২৭.২ শতাংশ আহে ৰাজ্য চৰকাৰৰ আৰু ৫৫ শতাংশ কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে। ঋণৰ পৰা আহে ১৮ শতাংশ।

চৰকাৰখনে চাকৰিয়ালসকল দৰমহাৰ নামত আদায় দিব লাগে ৪১ হাজাৰ ৪০ কোটি টকা। অসম চৰকাৰে নিজা আয়ৰ জৰিয়তে কেৱল ৰাজ্যৰ কৰ্মচাৰীৰ সম্পূৰ্ণ দৰমহা আদায় দিবলৈও সক্ষম নহয়।

নিজা আয়ৰ পৰা ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক মাত্ৰ ৮ মাহৰহে দৰমহা দিবলৈ সক্ষম। এনে আৰ্থিক দুৰৱস্থাৰ পিছতো মুখ্যমন্ত্ৰীয়ে বিয়া খাবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰা, ৰাজ্যৰ বাহিৰলৈ গ’লে চাৰ্টাড ফ্লাইট ব্যৱহাৰ কৰা আদি কাৰ্যক কঠোৰ সমালোচনা কৰে অখিল গগৈয়ে।

তেওঁৰ মতে অসমৰ ৰাইজৰ ধনেৰে বিনোদন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও বিধায়ক অখিল গগৈয়ে সংবাদমেলখনত প্ৰকাশ কৰা অনুসৰি আজিৰ তাৰিখত অসমত হিতাধিকাৰীৰ সংখ্যা হ'ল ২ কোটি ২ লাখ। এই হিতাধিকাৰীসকলৰ নামতেই ৰাজ্য চৰকাৰে বহু কোটি টকা খৰচ কৰে। আত্মনিৰ্ভৰশীলতাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।  

বৰদলৈৰ পৰা গগৈলৈ চৰকাৰৰ ঋণ আছিল ৪১ হাজাৰ কোটিঃ হিমন্ত চৰকাৰে দুবছৰত  ল'লে ৪২ হাজাৰ কোটিৰো অধিক...
দ্বিতীয় বৰ্ষপূৰ্তিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক শূন্য নম্বৰ দিলে তৃণমূল কংগ্ৰেছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in