বৃদ্ধি পাইছে আত্মহত্যাৰ সংখ্যা, উন্নতিৰ দিশে নে ৰাষ্ট্ৰ ?

বৃদ্ধি পাইছে আত্মহত্যাৰ সংখ্যা, উন্নতিৰ দিশে নে ৰাষ্ট্ৰ ?

ডিজিটেল ডেস্ক : বিশ্বত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে হিংসা-হত্যা তথা নানান সমস্যা । যিবোৰৰ বাবে ক্ৰমান্বয়ে অসুখী হৈ আহিছে লোকসকল । সকলো পাহৰি কেৱল জীয়াই থকাৰ সংগ্ৰামত বৰ্তী মানুহ । হা-হুমুনিয়াহ, হতাশাৰ মাজতেই ভূটান চৰকাৰে হাতত লৈছিল এক পদক্ষেপ । বিশ্বায়নৰ দৌৰত আৱদ্ধ নাগৰিক সকলৰ বাবে লৈছিল গ্ৰছ' হেপিনেছ ইনডেক্স অৰ্থাৎ স্থূল সুখৰ সূচাংক । এই সূচাংকৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয় নাগৰিক সকল সচাকৈ সুখী নে ?

এছিয়া মহাদেশৰে আন এখন অন্যতম দেশ জাপানে বিগত কেইবা দশক জুৰি ভুগি আহিছে মানসিক অশান্তি, হতাশাত । যাৰ বাবে আত্মহত্যাৰ সমস্যাই জুৰুলা কৰি গৈছিল দেশখনক । চৰকাৰে বহু চেষ্টাৰ অন্তত দেশ খনৰ গড় আয়ুস বৃদ্ধি কৰিছিল ।

তেনে এক সময়তেই, সদনত প্ৰকাশ পালে গৃহ মন্ত্ৰালয়ৰ এক চিন্তনীয় প্ৰতিবেদন । দেশত নিতৌ গড়ে ১১৫ গৰাকী দৈনিক মজুৰি আধাৰত কৰ্মৰত শ্ৰমিক আৰু ৬৩ গৰাকী বিবাহিত মহিলাই আত্মহত্যা কৰে । যাৰ বাবে ২০২১-২২ বৰ্ষত ৰাষ্ট্ৰ সাক্ষী হৈ ৰ'ল ১ লাখ ৬৪ হাজাৰ ৩৩ টা আত্মহত্যাৰ ঘটনাৰ ।

দেশৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই প্ৰকাশ কৰা এই তথ্য সদনত ৰাজ্যসমূহৰ গৃহ মন্ত্ৰালয়ৰ দ্বায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে উপস্থাপন কৰি জনায় যে, বিগত এটা বৰ্ষত দেশত সৰ্বমুঠ ৪২ হাজাৰ ৪ গৰাকী শ্ৰমিক আৰু ২৩ হাজাৰ ১৭৯ গৰাকী বিবাহিত মহিলাই আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয় ।

ইয়াৰ ওপৰিও ২০,২৩১ গৰাকী স্বনিয়োজিত ব্যক্তি, ১৫,৮৭০ গৰাকী কৰ্মৰত ব্যক্তি, ১৩,৭১৪ গৰাকী নিবনুৱা, ১৩,০৮৭ গৰাকী শিক্ষাৰ্থী, ১২,০৫৫ গৰাকী ব্যৱসায়ীয়ে আত্মহত্যা কৰে এটা বছৰত । এই পৰিসংখ্যা চিন্তনীয় । এগৰাকী মানৱ সম্পদ চিৰদিনৰ বাবে হেৰাই যোৱাৰ দুখ দু:সহ । আনহাতে, দেশৰ কৃষিখণ্ডৰ সৈতে জড়িত ২৭,০৮০ গৰাকী ব্যক্তিয়েও বাচি লয় আত্মহননৰ সিদ্ধান্ত ।

এই পৰিসংখ্যা বৃদ্ধি হ'ব ভৱিষ্যতলৈ । দেশত ক্ৰমাৎ বৃদ্ধি হৈ আহিছে নিবনুৱাৰ সংখ্যা, খৰাং আৰু বানপানীয়ে নি:শেষ কৰি পেলাইছে কৃষিখণ্ড, মূল্যবৃদ্ধিয়ে জুৰুলা কৰি আনিছে মধ্যবিত্ত পৰিয়ালসমূহক । ইয়াৰ মাজতেই আছে ঘৰুৱা হিংসাৰ বাবে আত্মহত্যাৰ পথ বাচি লোৱা লোক সকল ।

এই পৰিসংখ্যা এই কাৰণেই চিন্তনীয় যে, ভোগবাদী সমাজ দেশৰ ৰাজনৈতিক, আৰ্থিক আৰু সামাজিক ভৱিষ্যত সম্পৰ্কে দৃষ্টিহীন । বৰ্তমানৰ উদযাপনৰ আশাত বন্দী লোকসকলে পাহৰি পেলাইছে ভৱিষ্যতে আহিব লগীয়া চৰম সংকটৰ কথা । তেনে স্থলত এই পৰিসংখ্যাৰ সূচাংক কেৱল আকাশলংঘী হে হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in